Breaking

দিল্লীত অসমৰ ছয় জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণৰ দাবী সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ আৰু টাইপাৰ…

0 17

সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ আৰু টাই আহোম যুৱ পৰিষদ(টাইপা)ৰ এটা সজাতি দলে ২৮,২৯ জুন তাৰিখে নতুন দিল্লীত ভাৰতৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী কাৰ্যালয়ত উপস্থিত হৈ মটক জনগোষ্ঠীৰ লগতে অসমৰ ছয় জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰিবলৈ দাবী জনাই।

লগতে বিভিন্ন বিষয়ৰ ওপৰত এক আলোচনাত মিলিত হয় কেন্দ্ৰীয় বন্দৰ, জাহাজ, জল পৰিবহন আৰু আয়ুষ মন্ত্ৰী সবৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক বৈদেশীক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা,সাংসদ দিলীপ শইকীয়া, কামাখ্যা প্ৰসাদ তাছা, প্ৰদান বৰুৱা, ফণী ভূষণ চৌধুৰী, বিজুলি কলিতা মেধি, ৰঞ্জীত দত্তক।

যোৱা ২ তাৰিখে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী জুৱেল ওৰামক সাক্ষাৎ কৰি এক আলোচনাত মিলীত হোৱাৰ লগতে জনজাতিকৰণকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত এক দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰা হয়।

Leave A Reply