Breaking

সদৌ অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সংস্থা দ্বি-বাৰ্ষিক ১৯ সংখ্যক ৰাজ্যিক অধিৱেশনৰ ৰাজহুৱা সভা আদৰণী সমিতি গঠন…

0 35

আজি চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সদৌ অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সংস্থাৰ

১৯ সংখ্যক দ্বি-বাৰ্ষিক ৰাজ্যিক অধিবেশনৰ আদৰণী সমিতি গঠনাৰ্থে এখনি ৰাজহুৱা সভাৰ আয়োজন কৰা হয়। দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা সভাত সভাপতিত্ব কৰে কেন্দ্ৰীয় সভাপতি এম.এছ চিৱলি মজুমদাৰে। চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ যোচেফ বসুমতাৰীয় বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা সভাখনিত প্ৰথমে সংস্থাৰ অলপতে মৃত্যুবৰণ কৰা অৰূপ চাংমাই আৰু আনেশ্বৰ ৰেগনৰ স্মৃতিত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। সভাখন উদ্বোধন কৰে কেন্দ্ৰীয় সমিতিৰ সম্পাদক ভবেশ নাথে ।অতিথি আদৰণী আতঁধৰে জিলা সমিতিৰ উপদেষ্টা ভুবন দাসে । সভাৰ উদেশ্য ব্যাখা আগবঢ়ায় জিলা সম্পাদক আদিত্য চুতীয়া আৰু আদৰণি ভাষণ আগবঢ়ায় জিলা সভাপতি শিৱশঙ্কৰ পাদুনে ।

সভাত উপস্থিত থাকি বক্তব্য আগবঢ়ায় বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ পৰিসংখ্যা আৰু উন্নয়ন বিষয়া জয় চন্দ্ৰ বৰুৱা, জিলা সমগ্ৰ শিক্ষা বিষয়া পংকজ বৰা,জিলা কৰ্মচাৰী সন্থাৰ সভাপতি দিব্য দত্ত,শিৱসাগৰ জিলাৰ শিৱ প্ৰসাদ কলিতা, লখিমপুৰ জিলাৰ মাধৱ শইকীয়া, ধেমাজি জিলা মজলীয়া শিক্ষক সন্থাৰ সম্পাদক গকুল চুতীয়া, চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক লক্ষীনাথ বৰা কেধৰি বহু ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। ধেমাজি জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দেবেন ডেকা, জাতীয় মহিলা পৰিষদৰ ধেমাজি জিলাৰ সভানেত্ৰী ভনীতা দাস, চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম গগৈ,  এজেৱাইপিৰ চিলাপথাৰ আঞ্চলিক

সমিতিৰ সভাপতি হিতেশ ডেকা, সাৰথিৰ মুখ্য সচিব মনোজ কুমাৰ দাস, ধেমাজি জিলা নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি সজল নাথৰ লগতে সংস্থাৰ কামৰূপ, কাছাৰ,ওদালগুৰি, লখিমপুৰ, শিৱসাগৰ, চৰাইদেউ কেধৰি কেবাখনো জিলাৰ প্ৰতিনিধি উপস্থিত থাকে। সভাই সংস্থাৰ আগত্তক ১৯ সংখ্যক দ্বি-বাৰ্ষিক ৰাজ্যিক অধিৱেশনখনি চিলাপথাৰতে আয়োজন কৰাৰ প্ৰস্তাৱ গ্ৰহন কৰি স্হানীয় বিধায়ক ভুৱন পেগুক সভাপতি, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু,সাংসদ প্ৰদান বৰুৱাক পৃষ্ঠপোষক,  ভুবন দাসক কাৰ্যকৰী সভাপতি,দুলুমণি ভৰাঁলীক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ৩১ জনীয়া শক্তিশালী আদৰনী সমিতি গঠন কৰা হয়। অহা এক সপ্তাহৰ ভিতৰত পুৰ্ণাংগ সমিতি খন গঠন কৰিবলৈ শেষত সভাই এক প্ৰস্তাৱ গ্ৰহন কৰে।

Leave A Reply

Your email address will not be published.