Breaking

সদৌ অসম ক্ৰীড়া পেন্সনাৰ সন্থাৰ নতুন সমিতি গঠন…

0 26

গুৱাহাটী-সদৌ অসম ক্ৰীড়া পেন্সনাৰ সন্থাৰ নতুন সমিতি গঠন কৰা হৈছে৷ যোৱা ২১ জুলাইত বাদল ঠাকুৰৰ সভাপতিত্বত গুৱাহাটী টাউন ক্লাবত অনুষ্ঠিত সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত সমিতিখন গঠন কৰা হয়৷ এই সভাতে সন্থাৰ সাধাৰণ সম্পাদক আৰু কোষাধ্যক্ষই তেওঁলোকৰ বাৰ্ষিক প্ৰতিবেদন আৰু হিচাপ নিকাচ দাখিল কৰে৷ এই প্ৰতিবেদন পৰ্যালোচনাৰ পিছতে সৰ্বসন্মতি ক্ৰমে গ্ৰহণ কৰা হয়৷ সভাত সন্মানীয় অতিথিৰূপে উপস্থিত থাকে গুৱাহাটী টাউন ক্লাবৰ সাধাৰণ সম্পাদক তথা বিচিচিআইৰ যুটীয়া সম্পাদক দেৱজিৎ শইকীয়া৷ সভাত উপস্থিত থকা সদস্যসকলে তেওঁক সম্বৰ্দ্ধনা জ্ঞাপন কৰে৷ শইকীয়াই তেখেতক জনোৱা সন্মানৰ বাবে সন্থাৰ সকলো সদস্যকে আন্তৰিক ধন্যবাদ জনাই আৰু সুদূৰ ভৱিষ্যতে সন্থাৰ উন্নতি আৰু অগ্ৰগতিৰ বাবে সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে।

এই সভাতে প্ৰাক্তন ক্ৰিকেটাৰ আৰু বিশিষ্ট ক্ৰীড়া সংগঠক বাদল ঠাকুৰক সৰ্বসন্মতি ক্ৰমে সভাপতি, শংকৰ দত্ত লহকৰ আৰু প্ৰদীপ চলিহাক ক্ৰমে সাধাৰণ সম্পাদক আৰু কোষাধ্যক্ষ হিচাপে লৈ পৰবৰ্তী কাৰ্যকালৰ বাবে সন্হাৰ নতুন সমিতিখন গঠন কৰা হয়৷ সভাত সৰ্বসন্মতি মৰ্মে বৰ্ষীয়ান প্ৰাক্তন টেবুল টেনিছ খেলুৱৈ প্ৰণৱ চাংকাকতিক মূখ্য উপদেষ্টা হিচাপে মনোনীত কৰা হয়। সভাত সন্থাৰ উন্নয়নমূলক বিভিন্ন বিষয় আলোচনা কৰা হয়৷ উপস্থিত সদস্যসকলে নিজৰ আত্মবিশ্বাস ব্যক্ত কৰি কয় যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বত অসমে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত শক্তিশালী ৰূপত অৱতীৰ্ণ হেছে৷ তেওঁলোকে অসমৰ ক্ৰীড়াক্ষেত্ৰখনলৈয়ো অপৰিসীম উন্নতি ঘটাবলৈ সক্ষম হৈছে৷ সভাত গ্ৰহণ কৰা প্ৰস্তাৱসমূহৰ ভিতৰত সদস্যসকলে বয়স্ক আৰু জেষ্ঠ লোকসকলৰ সহায় হোৱাকৈ  ক্ৰীড়া পেন্সনৰ পুনৰুজিবিত কৰাৰ বাবে চৰকাৰক আবেদন জনাবলৈ সভাত নতুন সমিতিখনক পৰামৰ্শ দিয়া হয়। ইয়াৰ জৰিয়তে বয়স্ক আৰু জ্যেষ্ঠ পেন্সনাৰ সকল লাভান্বিত হ’ব আৰু স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ’ব৷ তদুপৰি চৰকাৰৰ অন্য পেন্সনাৰ সকলৰ দৰে ক্ৰীড়া পেন্সনো মাহিলী নিয়মীয়াকৈ  প্ৰদানৰ বাবে সভাত আহ্বান জনোৱা হয়৷

সমিতিৰ অন্য বিষয়ববীয়া সকল হৈছে ক্ৰমে উপ-সভাপতি-বিজয় হাজৰিকা, দীপধৰ বৰুৱা, তৈবুননিচা, মাগুৰাম বালাৰি, যুটীয়া সম্পাদক-কল্যাণ কুমাৰ দাস, ঋত্বিক শইকীয়া, কাৰ্যকৰী সমিতিৰ সদস্য-মহেশ চৌধুৰী, নীৰেন মেচ, ধীৰেন মেধি, প্ৰদীপ হাজৰিকা, হেমেন গোহাঁই, আল্পনা বৰুৱা, ড০ অঞ্জলি বৰুৱা, এল হেমন্ত সিং, প্ৰণৱ শৰ্মা আৰু বদন শইকীয়া।

Leave A Reply

Your email address will not be published.