Breaking

মৰিগাঁও ভূৰবন্ধাত সদৌ অসম ছাত্র সন্থা কেন্দ্ৰীয় ছাত্র সংহতি দিৱসৰ উদযাপনৰ অস্থায়ী কাৰ্য্যালয় শুভ উদ্বোধন…

0 64

বৃহস্পিতাবাৰে দিনৰ ১১ বজাত মৰিগাঁও ভুৰবন্ধাত সদৌ মৰিগাঁও জিলা ছাত্র সন্থা উদ‍্যোগত ভূৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থা আৰু ৰাইজৰ সহযোগত মৰিগাঁও ভূৰবন্ধাত আগন্তুক ৯ আৰু ১০ জুন তাৰিখে সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় ভাৱে ছাত্র সংহতি দিৱসটি উদযাপনৰ বাবে এটি অস্থায়ী কাৰ্য্যালয় শুভ উদ্বোধন কৰে। এই কাৰ্য্যালয়টো শুভ উদ্বোধন কৰে ভূৰবন্ধা অঞ্চলৰ জেষ্ঠ নাগৰিক তথা প্ৰাক্তন প্ৰধান শিক্ষক ভানুৰাম কাকতিয়ে। ১৯৭৪ চনৰ পৰা উদযাপন কৰি অহা সদৌ অসম ছাত্ৰ সন্থাৰ এই ১০জুন ছাত্ৰ সংহতি দিবসটি এই বৰ্ষৰ সোনালী জয়ন্তী বৰ্ষত ভৰি দিয়ে।

এই ১০জুন ছাত্ৰ সংহতি দিবসটি সোনালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানটি সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় ভাৱে ভুৰবন্ধাত আয়োজন কৰা লক্ষ্যৰে আজি এটি অস্থায়ী কাৰ্য্যালয় শুভ উদ্বোধন কৰে ।এই শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থা কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰূপজ‍্যোতি মেধি,সদৌ মৰিগাঁও জিলা ছাত্র সন্থা সভাপতি দিপুল কুমাৰ নাথ,মৰিগাঁও জিলা ছাত্র সন্থা ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দিৱ‍্যজ‍্যোতি চৌধুৰী,আদৰণীয় সমিতিৰ সভাপতি যোগল কিশোৰ চৌধুৰী,কাৰ্য্যকৰী সভাপতি মৃদুল শৰ্মা,অসম উন্নীত সভা কেন্দ্ৰীয় সাংগঠনিক

সম্পাদক অতনু শৰ্মাৰ লগতে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থা বিষয়ববীয়া তথা কাৰ্য্যকৰ্তা সকল আৰু মৰিগাঁও জিলা বিভিন্ন প্ৰান্তৰ পৰা বহু কেইজন বিশিষ্ট ব‍্যক্তি উপস্থিত থাকে।এই অনুষ্ঠানত অস্থায়ী কাৰ্য্যালয়টো শুভ উদ্বোধন কৰি উদ্বোধক ভানুৰাম কাকতিৰ লগতে সদৌ অসম ছাত্ৰ সন্থা কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰূপজ‍্যোতি মেধিয়ে আগন্তুক কেন্দ্ৰীয় ছাত্র সংহতি দিৱসৰ সোণালী জয়ন্তী বৰ্ষৰ উদযাপনৰ সকলো অনুষ্ঠানতে ৰাইজৰ সংক্ৰিয় সহযোগিতা কামনা কৰে।

Leave A Reply

Your email address will not be published.