অসমীয়া ভাষাৰ প্ৰতি ভালপোৱা বৃদ্ধি কৰিবলৈ সকলো অসমীয়াই দায়িত্ব ল’ব লাগিব – ড° বসন্ত কুমাৰ গোস্বামী ।Dr. Basanta Kumar Goswami

তিনিচুকীয়া, ২২ মাৰ্চ: Dr. Basanta Kumar Goswami । অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ তিনিচুকীয়া আৰু অৰুণাচল প্ৰদেশ ভ্ৰমণৰ অংশস্বৰূপে কালি মাকুম শাখা সাহিত্য সভাৰ বনমালী শইকীয়া ভবনত উপস্থিত হয়। ইয়াৰ পাছত তেওঁ মাকুমৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক সংস্থা ‘সূৰ্যোদয়’ৰ কাৰ্যালয়তো উপস্থিত হয়। সূৰ্যোদয়ৰ তৰফৰ পৰা ড° গোস্বামীক চেলেং-চাদৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়। সূৰ্যোদয়ৰ সঞ্চালক অখিল চন্দ্ৰ বৰুৱাই সাহিত্য সভাৰ সভাপতি গৰাকীক জিলাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত সাহিত্য সভাক বলিষ্ঠ ৰূপত প্ৰতিষ্ঠিত কৰিবলৈ আহ্বান জনায়।

‘সূৰ্যোদয়’ৰ কাৰ্যালয়ৰ পৰা শতাধিক সাহিত্যপ্ৰেমীয়ে এক বৰ্ণিল শোভাযাত্ৰাৰে ড° গোস্বামীক তিনিচুকীয়া জিলা সাহিত্য সভাৰ মাকুমস্থিত যুগল কিশোৰ কেষাণ ভবনলৈ উল্লাসেৰে আদৰি নিয়ে। তাত জিলা সাহিত্য সভাৰ সভাপতি লম্বেশ্বৰ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত ড° গোস্বামীক সম্বৰ্ধনা জনোৱা হয়।

সভাত ড° গোস্বামী সাহিত্য সভাৰ সভাপতি হিচাপে অসম সাহিত্য সভাৰ আসন সুৰক্ষিত কৰাৰ সংকল্প ব্যক্ত কৰে। তেওঁ অসমীয়া ভাষা আৰু সংস্কৃতিৰ প্ৰসাৰ সাধন, জাতি-জনগোষ্ঠীৰ মাজত প্ৰেম আৰু ভাতৃত্ববোধৰ উন্নয়ন আৰু অসম সাহিত্য সভাৰ শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য ব্যাখ্যা কৰে। তেওঁ মন্তব্য কৰে যে, ‘অসম সাহিত্য সভা মানেই সমগ্ৰ অসমবাসীৰ সাহিত্যিক গৌৰৱ, আমি সকলোৱে একত্ৰিত হৈ সাহিত্যৰ ক্ষেত্ৰত আগুৱাই যাব লাগিব।’

তেওঁ বিশেষভাৱে উল্লেখ কৰে, ‘ভাৱীকালৰ সাধকসকলক অসমীয়া ভাষাৰ প্ৰতি বাল্যকালৰে পৰা ভাল পাবলৈ শিকোৱাৰ দায়িত্ব আমি সকলো অসমীয়াই ল’ব লাগিব। সমাজত অসামাজিক প্ৰৱণতা দূৰ কৰি ভৱিষ্যৎ প্ৰজন্মক জাতিপ্ৰেমী আৰু ভাষাপ্ৰেমী হিচাপে গঢ়ি তোলাটো একান্তই প্ৰয়োজন।’

সভাত উপস্থিত অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত ধনভৰালী মণিৰাম লাহন, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য তুফেল জিলানী আৰু শংকুসিদ্ধ নাথ, ডিব্ৰুগড় আঞ্চলিক সাহিত্য সভাৰ সাংগঠনিক সম্পাদক সুনীল গুৰুং, জিলা সাহিত্য সভাৰ প্ৰতিনিধি মোহন মৰাণ, প্ৰাক্তন জিলা সম্পাদক পুলক গগৈ, প্ৰাক্তন জিলা সভাপতি প্ৰবীণ বৰা, জিলা সাহিত্য সভাৰ সম্পাদক অৰূপ চাংমাই আৰু অন্যান্য বহুতো সাহিত্যপ্ৰেমী, দল-সংগঠন আৰু ব্যক্তি বিশেষ উপস্থিত থাকে। সভাখনত ড° গোস্বামীক সম্বৰ্ধনা-পত্ৰ, শৰাই, চেলেং-চাদৰ, ফুলাম গামোচা, কিতাপৰ টোপোলা আদি উপহাৰ প্ৰদান কৰি সন্মানিত কৰা হয়।

Related Articles