Breaking

উত্তৰ গুৱাহাটী পৌৰসভাৰ হঠকাৰী সিদ্ধান্তত সৰ্ব্বনাশী প্ৰদূষণ ! দীৰ্ঘেশ্বৰী মন্দিৰলৈ শেহতীয়াকৈ নামি আহিছে এক ভয়ংকৰ বিপদ তথা সৰ্ব্বনাশী প্ৰদূষণ…

0 22

পুৰাণ প্ৰসিদ্ধ দীৰ্ঘেশ্বৰী দেৱালয়ৰ কাষতে নিৰ্মাণ ডাম্পিং গ্ৰাউণ্ড

মনোমোহা বনভোজ স্হলিলৈ অশনি সংকেত

পঞ্চতীৰ্থ ৰূপে খ্যাত উত্তৰ গুৱাহাটীৰ অন্যতম ধৰ্মীয় স্থান তথা অসমৰ এক অন্যতম পৰ্যটন স্থলী পুৰাণ প্ৰসিদ্ধ দীৰ্ঘেশ্বৰী মন্দিৰলৈ শেহতীয়াকৈ নামি আহিছে এক ভয়ংকৰ বিপদ তথা সৰ্ব্বনাশী প্ৰদূষণ। উল্লেখ্য ধৰ্মীয় স্থানৰ উপৰিও এই বৃহত্তৰ অঞ্চলটো এক পৰ্যটনৰ স্হলী হিচাপে গঢ় লৈ উঠাৰ লগতে এক সুন্দৰ মনোমোহা বনভোজ স্হলি হিচাপে সৰ্বজনীন বিদিত। অসমৰ বিভিন্ন অঞ্চলৰ পৰা এই স্হলিলৈ বনভোজৰ বাবে অসংখ্য যাত্ৰীৰ আগমন ঘটে। তেনে ক্ষেত্ৰত উত্তৰ গুৱাহাটী পৌৰ সভাই লোৱা এই হঠকাৰী সিদ্ধান্তত ৰাইজ আচৰিত হৈ পৰিছে। ৰাইজে এই ভয়ংকৰ সিদ্ধান্তৰ কাৰণ হিচাপে সকলোৱে অভিযোগৰ আঙুলি টোৱাইছে উত্তৰ গুৱাহাটী পৌৰসভাক ।

উল্লেখ্য ,উত্তৰ গুৱাহাটী পৌৰ সভাই শেহতীয়াকৈ গ্ৰহণ কৰা এক হঠকাৰী সিদ্ধান্তত ঐতিহাসিক দীর্ঘেশ্বৰী মন্দিৰলৈ নামি আহিছে এই অশনি সংকেত । এসময়ৰ চৰণীয়া পথাৰ আৰু মনোমোহা বনভোজ স্থলী বৰ্তমান হৈ পৰিছে দুৰ্গন্ধ আৰু কদৰ্যময় পৰিবেশ । কেৱল ইমানেই নহয় ঐতিহ্যমণ্ডিত দীর্ঘেশ্বৰী মন্দিৰৰ ভোগ গৃহলৈ বিয়পি পৰিছে আৱৰ্জনাৰ দুর্গন্ধ । উত্তৰ গুৱাহাটী পৌৰ সভাই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবেই সমগ্ৰ চহৰ অঞ্চলৰ আৱৰ্জনীয় পেলনীয়া সামগ্ৰী পেলাবৰ বাবে ব্যৱহাৰ কৰিছে দীর্ঘেশ্বৰী মন্দিৰৰ নিচেই কাষৰ এটি ঐতিহাসিক অঞ্চলকে ধৰি এটা বৃহৎ অঞ্চল । যাৰ ফলত মৃত্যু মুখত পৰিছে বহুতো পশু ধনৰ লগতে ঐতিহাসিক শিলগুৰি বিলৰ মৎস্য ।

উত্তৰ গুৱাহাটী পৌৰসভাৰ হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি যোৱা ১৮ আগষ্টত প্ৰায় পাঁচ শতাধিক লোকৰ উপস্থিতিত উত্তৰ গুৱাহাটীৰ দীর্ঘেশ্বৰী বজাৰত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হৈ যায় । দীৰ্ঘেশ্বৰী দেৱালয় পৰিচালনা সমিতিৰ উপ সভাপতি অনিল দাসৰ পৌৰোহিত্যত তথা সমাজকৰ্মী প্ৰবোধ লেখাৰুৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত সভাত উত্তৰ গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ কেইবাজনো বক্তাই ভাষণ প্ৰদান কৰি এই ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰাৰ বাবে হুংকাৰ প্ৰদান কৰে । উত্তৰ গুৱাহাটী পৌৰসভাই অতি শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ এই ডাম্পিং গ্ৰাউণ্ড বন্ধ নকৰিলে গণতান্ত্ৰিক জংগী আন্দোলনৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সভাই ।

Leave A Reply

Your email address will not be published.