নাজিৰাঃ
যোৱা ২৯ মেত যোৰহাট জিলাৰ ন-কছাৰী গাভৰু চাহ বাগিচাত দেৱাশীষ গগৈ নামৰ কলেজীয়া ছাত্র জনক এটা সাধাৰণ দূৰ্ঘটনাক কেন্দ্ৰ কৰি এদল উন্মত্ত লোকে দলৱদ্ধ আক্ৰমণ কৰি হত্যা কৰা ঘটনাক লৈ সৰৱ হৈ পৰিছে সদৌ তাই আহোম ছাত্র সন্থাৰ শিৱসাগৰ জিলা সমিতি । সংগঠনটোৱে এই ঘটনাৰ ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ কৰি অতিশীঘ্ৰে দোষীক দৃষ্টান্ত মুলক শাস্তিৰ দাৱী তুলিছে । আজি সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সম্পাদক মানস সন্দিকৈয়ে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত এই ঘটনাক আসুৰিক আখ্যা দি কয় যে, উক্ত অঞ্চলত এইটো দ্বিতীয় নাৰকীয় ঘটনা । প্ৰশাসনিক দূৰ্বলতাৰ বাবে এনে ঘটনা সংঘটিত হৈ আহিছে । সন্দিকৈয়ে সমগ্ৰ ঘটনাৰ বাবে বাগিছা কৰ্তৃপক্ষ আৰু প্ৰশাসনক দায়ী কৰি কয় যে , লকডাউনৰ চলি থকা সময়ত এনেদৰে বাগিছা এলেকাত শ শ মানুহ একত্ৰিত হোৱাৰ সুবিধা কেনেকৈ পালে ? বাগিছা কৰ্তৃপক্ষই কিয় তাৎক্ষণিক আৰক্ষীক অৱগত নকৰিলে ? আনহাতে এজন চাহ-জনগোষ্ঠীয় নেতা বিধায়ক হিচাবে থকা এই অঞ্চলটোত নিজ জনগোষ্ঠীৰ নতুন প্ৰজন্মক সামাজিক ভাৱে শিক্ষিত কৰিব নোৱাৰাতো অতি পৰিতাপৰ বিষয় বুলি সমালোচনা কৰিছে আটাছুৰ নেতা জনে । তাই আহোম ছাত্ৰনেতা জনে কয় যে, প্ৰতিক্ষেত্ৰতে অতি সৰৱতা প্ৰদৰ্শন কৰা বিধায়ক গৰাকীয়ে এই ঘটনাৰ সন্দৰ্ভত কিন্তু নীৰৱ দৰ্শকৰ ভূমিকা লৈছে । আছলতে নিজৰ মানুহৰ ওপৰতেই তেওঁৰ নিয়ন্ত্ৰণ নাই । যাৰ বাবে তেওঁৰ সমষ্টিত বাৰম্বাৰ এনে ঘটনাৰ সংঘটিত হৈছে । আনহাতে মৰেল পুলিচক নিয়ন্ত্ৰণ কৰাত চৰকাৰে কঠোৰ আৰু তাৎক্ষণিক পদক্ষেপ নোলোৱাৰ বাবেই , ঝংকাৰ,নীল-অভি,পৰাগজ্যোতি আৰু দেৱাশীষ হত্যাৰ দৰে নাৰকীয় ঘটনা বাৰে বাৰে সংঘটিত হৈ আহিছে । দেৱাশীষ হত্যাৰ ঘটনাত জড়িত যাতে কোনো সাৰি যাব নোৱাৰে তাৰ প্ৰতি কঠোৰ দৃষ্টি দিবলৈ সংগঠনটোৱে দাবী জনোৱাৰ লগতে মৰেল পুলিচৰ নাৰকীয় কাণ্ডৰ বলি পৰিয়ালৰ এক উজ্জ্বল সম্ভাৱনা হিচাবে থকা দেৱাশীষৰ পৰিয়াল আৰু আহত আদিত্যৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ দাবী জনায় ।