Breaking

Complaint against school headmaster Tamulpur : তামুলপুৰত বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে অপকৰ্মৰ অভিযোগ…

97

দৈনন্দিন বাৰ্তাৰ Digital সেৱা : Barkhopa High School in Tamulpur district তামুলপুৰত বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে যৌন অতিশয্যৰ অভিযোগ (Allegations of sexual misconduct) । তামুলপুৰ জিলাৰ বৰখোপা হাইস্কুলৰ প্ৰধান শিক্ষক যোগেন ৰাজবংশীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ। উত্তপ্ত বিদ্যালয় চৌহদ।

ৰাইজে বিদ্যালয় চৌহদ ঘেৰাও কৰি প্ৰধান শিক্ষক যোগেন ৰাজবংশীক লপা থপা দিয়াৰ লগতে কাণত ধৰাই উঠা বহা কৰোৱাই। অভিযোগ অনুসৰি শনিবাৰে বিদ্যালয়খনৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক শিক্ষামূলক ভ্ৰমণৰ বাবে ভূটান সীমান্তলৈ লৈ গৈছিল অভিযুক্ত প্ৰধান শিক্ষক (Accused headmaster )যোগেন ৰাজবংশীয়ে।

শিক্ষামূলক ভ্ৰমণত ( An educational trip) লৈ গৈ কেইবাগৰাকীও ছাত্ৰীক অশালীন ইংগিত দিয়াৰ লগতে এগৰাকী ছাত্ৰীক পিছফালৰ পৰা আহি কাণে কাণে অশালীন বক্তব্য প্ৰদান কৰে। ইতিমধ্যে দুগৰাকী ছাত্ৰী মোবাইলত ৰিল্চ বনাই থকা সময়ত প্ৰধান শিক্ষক গৰাকী অসাধাৰণ ভাৱে পিছফালৰ পৰা আহি কাণৰ ওচৰত ফুচ ফুচাই কোৱা দৃশ্য কেমেৰাত বন্দী হৈছে। Complaint against school headmaster Tamulpur

উল্লেখ্য যে ইয়াৰ পূৰ্বেও অভিযুক্ত প্ৰধান শিক্ষক যোগেন ৰাজবংশীৰ বিৰুদ্ধে এনেধৰণৰ বহু অভিযোগ উত্থাপন হৈ আহিছে। ঘটনাক কেন্দ্ৰ কৰি আজি বিদ্যালয় চৌহদত ভুক্তভোগীৰ অভিভাৱক (The victim’s parents) তথা ৰাইজে উপস্থিত হৈ পৰিস্থিতি উত্তপ্ত কৰি তোলে।

উপায়হীন অভিযুক্ত, নৰপিশাচ প্ৰধান শিক্ষক যোগেন ৰাজবংশী কাণত ধৰি উঠা বহা কৰে আৰু কেইবাগৰাকীও ভুক্তভোগীৰ অভিভাৱকে কাণতলীয়া চৰ শোধাই।

ইয়াৰ পিছতেই ঘটনাস্থলীত তামুলপুৰ আৰক্ষী (Tamulpur Police) উপস্থিত হৈ অভিযুক্ত যোগেন ৰাজবংশীক আৰক্ষী থানালৈ লৈ গৈ তদন্ত অব্যাহত ৰাখিছে। উল্লেখ যোগ্য যে ইতিপূৰ্বে শিক্ষক গৰাকীয়ে কাণত ধৰি উঠাবহা কৰা দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে ৷

ঘটনাৰ তদন্তৰ অন্তত আৰক্ষীৰ ভূমিকা লক্ষণীয় হ’ব।

লগতে পঢ়ক : ৰাজ্যত মহিলাৰ বিৰুদ্ধে অপৰাধ নিয়ন্ত্ৰণত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে আপ নেত্ৰীৰ সমালোচনা

published by: Jebin Sultana

Comments are closed.