Allu Arjun: ‘পুষ্পা ২’ৰ প্ৰিমিয়াৰত মৃত্যু হোৱা মহিলাগৰাকীৰ পৰিয়াললৈ ২৫ লাখ টকা ঘোষণা আল্লু অৰ্জুনৰ

‘পুষ্পা ২’ৰ প্ৰদৰ্শনৰ সময়ত সংঘটিত হোৱা ষ্টেম্পেড কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেতা আল্লু অৰ্জুনে। হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত সংঘটিত হোৱা ভয়াবহ ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে তেওঁৰ পুত্ৰ গুৰুতৰভাৱে আহত হৈছিল। এতিয়া এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আল্লু অৰ্জুনে।(Allu Arjun)

অভিনেতাগৰাকীয়ে মৃতকৰ পৰিয়ালক সম্পূৰ্ণ সহায় আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিছে। লগতে আহত পুত্ৰৰ চিকিৎসাৰ বাবেও ২৫ লাখ টকা আগবঢ়াব। অতি সোনকালে তেওঁ সেই পৰিয়ালটোৰ সদস্যসকলক লগ কৰিব।(Pushpa 2)

কেৱল এয়াই নহয়, আল্লু অৰ্জুনে এটা ভিডিঅ’ও শ্বেয়াৰ কৰিলে। বক্স অফিচত ঢৌ তুলি থকা ‘পুষ্পা ২’ৰ মাজতে তেওঁ মৃতকৰ পৰিয়ালটোক পোহপাল দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। ঘটনাক লৈ তেওঁ শোক প্ৰকাশ কৰে।(stampede)

পুষ্পা ২ৰ ছুপাৰষ্টাৰ আল্লুৱে টুইটাৰযোগে লিখিছে, ‘সন্ধ্যা থিয়েটাৰত সংঘটিত হোৱা কৰুণ ঘটনাটোৱে মোক গভীৰভাৱে আঘাত কৰিছে। এই অকল্পনীয় কঠিন সময়ত পৰিয়ালটোৰ সৈতে থিয় দিছো। মই তেওঁলোকক আশ্বস্ত কৰিব বিচাৰিছো যে তেওঁলোক এই সময়ত অকলশৰীয়া নহয় আৰু পৰিয়ালটোক ব্যক্তিগতভাৱে মই লগ কৰিম। এই কঠিন সময়ত তেওঁলোকক সহায় কৰিবলৈ মই সকলো ধৰণৰ সহায় আগবঢ়াম।

Related Articles