Allu Arjun Bail: বিজয় দেৱাৰাকোণ্ডাৰ পৰা সুকুমাৰলৈকে, আল্লু অৰ্জুনৰ ঘৰত তাৰকাৰ ভিৰ

জামিন লাভ কৰি ঘৰত উপস্থিত তেলেগু ছুপাৰষ্টাৰ আল্লু অৰ্জুন। জেলৰ পৰা ওলাই অহাৰ লগে লগে তেওঁ প্ৰথমে দেউতাকৰ সৈতে হায়দৰাবাদৰ গীতা আৰ্টছলৈ যায়, য’ত তেওঁ কিছুমান চলচ্চিত্ৰ ব্যক্তিক লগ কৰে। ইয়াৰ পিছত তেওঁ নিজৰ ঘৰত উপস্থিত হয়। তেওঁৰ পৰিয়াল আৰু অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছিল তেওঁৰ বাবে। ঘৰ পোৱাৰ লগে লগে পৰিয়ালে তেওঁক উষ্ম আদৰণি জনায়। এই আৱেগিক মুহূৰ্তৰ ভিডিঅ’ ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।(Allu Arjun Bail)

ছ’চিয়েল মিডিয়াত বহু ফটো-ভিডিঅ’ ভাইৰেল হৈ পৰিছে। বিভিন্ন দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ তাৰকাসকলে আল্লু অৰ্জুনৰ ঘৰলৈ গৈছে। ভিডিঅ’টোত বিজয় দেৱেৰাকোণ্ডা, ভাতৃ আনন্দ, ৰাণা দগ্গুবাটি, নাগা চৈতন্য, মিথ্ৰী মুভি মেকাৰছৰ প্ৰযোজক নবীন য়েৰ্নেনী, ৰবি শংকৰ, ‘পুষ্পা ২’ৰ পৰিচালক সুকুমাৰ আদিক তেওঁক লগ কৰিবলৈ হায়দৰাবাদৰ জুবিলী হিলছত থকা আল্লু অৰ্জুনৰ ঘৰত উপস্থিত হৈছে।

বৰ্তমান ছচিয়েল মিডিয়াত আল্লু অৰ্জুন বহুত চৰ্চিত আৰু ট্ৰেণ্ডিং। জেলৰ পৰা ওলাই অহাৰ পিছত তেওঁৰ অনুৰাগীৰ লগতে তেওঁৰ পৰিয়ালটোও অতি সুখী।

৪ ডিচেম্বৰত আল্লু অৰ্জুনৰ ‘পুষ্পা ২’ৰ প্ৰিমিয়াৰৰ সময়ত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। এই ঘটনাত এগৰাকী ৩৫ বছৰীয়া মহিলাৰ মৃত্যু হয় আৰু তেওঁৰ পুত্ৰ গুৰুতৰভাৱে আহত হয়। এই গোচৰত আল্লু অৰ্জুন, তেওঁৰ নিৰাপত্তাৰক্ষী দল আৰু থিয়েটাৰ মেনেজমেণ্টৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে। তেওঁৰ বিৰুদ্ধে ১০৫, ১১৮(১) (ইচ্ছাকৃতভাৱে আঘাত কৰা) আৰু ৩(৫) বিএনএছ ধাৰাত গোচৰ ৰুজু কৰা হৈছিল। শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

Related Articles