Allu Arjun: অভিনেতা আল্লু অৰ্জুনৰ জন্মদিন, কোন অভিনেত্ৰীয়ে হৃদয় ভাঙিছিল আল্লু অৰ্জুনৰ ?

পুষ্পা তাৰকা আল্লু অৰ্জুনৰ আজি ৪৩ সংখ্যক জন্মদিন।(Allu Arjun) দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনে নিজৰ অনন্য নৃত্য শৈলী আৰু অভিনয়েৰে উদ্যোগটোত এক বিশেষ স্থান দখল কৰিছে। পৰিচালক সুকুমাৰৰ ছবি ‘পুষ্পা’ৰ জৰিয়তে এতিয়া ইণ্ডিয়া ষ্টাৰ হৈ পৰিছে আল্লু। তেওঁৰ ‘পুষ্পা ২’ ছবিয়েও বক্স অফিচত ভাল ব্যৱসায় কৰিছিল। এফালে আল্লু অৰ্জুনে পেছাগতভাৱে বহু শিৰোনাম দখল কৰি আহিছে। একে সময়তে ব্যক্তিগত জীৱনৰ কথা আহিলেও তেওঁ অতি ব্যক্তিগতভাৱে থাকে। ২০১১ চনত আল্লুৱে স্নেহা ৰেড্ডীক বিয়া কৰাইছিল আৰু পত্নীৰ সৈতে তেওঁৰ সুন্দৰ বন্ধন। এটা সময় আছিল যেতিয়া অভিনেতাজনৰ নামটো এগৰাকী অভিনেত্ৰীৰ সৈতে জড়িত হৈ পৰিছিল আৰু পিছত আল্লুৰ হৃদয় ভাঙিছিল।

খবৰ অনুসৰি অভিনেত্ৰী নেহা শৰ্মাৰ লগত ডেটিং কৰিছিল আল্লু অৰ্জুনে। নেহাক লৈ আল্লু বৰ ছিৰিয়াছ আছিল আৰু নেহাও তেওঁৰ প্ৰেমত পাগল হৈ পৰিছিল। দুয়োজনে আনকি বিয়া হোৱাৰ সিদ্ধান্তও লৈছিল, কিন্তু ভাগ্যই লগ নিদিলে। ইফালে অভিনেতা ৰাম চৰণেও নেহাৰ জীৱনত প্ৰৱেশ কৰে। কোৱা হৈছিল যে ৰাম চৰণৰ বাবেই নেহা আৰু আল্লুৰ বিচ্ছেদ হৈছিল।


বলীউডত কাম কৰাৰ পূৰ্বে নেহাই দক্ষিণত কাম কৰিছিল। নেহা শৰ্মাই ২০০৭ চনৰ চিৰুঠা ছবিত কাম কৰিছিল। ইয়াৰ পিছত ৰাম চৰণৰ সৈতে নেহাৰ ঘনিষ্ঠতা বাঢ়ি অহাৰ খবৰ ওলাইছিল। নেহা আৰু ৰাম চৰণৰ বিয়া হৈছিল আৰু পিছত দুয়োজনেই হানিমুনলৈও গৈছিল বুলিও কয় একাংশই। কিন্তু ৰাম চৰণে এই খবৰ কেৱল উৰাবাতৰি বুলি কয়। অৱশ্যে সেই সময়ত আল্লু অৰ্জুনৰ ৰাম চৰণৰ সৈতে তীব্ৰ কাজিয়া হোৱা বুলিও খবৰ ওলাইছিল।

Related Articles