‘পুষ্পা ২’ৰ প্ৰদৰ্শনীত মৃত্যু হোৱা এগৰাকী মহিলাৰ মৃত্যুৰ গোচৰৰ বাবে জেলত থাকিবলগীয়া হ’ল পুষ্পা খ্যাত আল্লু অৰ্জুন। শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আল্লু অৰ্জুনক। পুষ্পাক গ্ৰেপ্তাৰ কৰাৰ পিছত পোহৰলৈ আহিছে বৰুণ ধাৱনৰ প্ৰতিক্ৰিয়া।(Allu Arjun)
বৰ্তমান এটলীৰ ছবি বেবী জনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বৰুণ ধাৱনে। এই ছবিখনৰ প্ৰচাৰৰ বাবে শুকুৰবাৰে তেওঁ জয়পুৰত উপস্থিত হয়। এই সময়ছোৱাত তেওঁ আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰাত প্ৰতিক্ৰিয়াও প্ৰকাশ কৰে। অভিনেতাজনক সমৰ্থন কৰাৰ সময়ত তেওঁ নিৰাপত্তাৰ প্ৰট’কলৰ কথা কয়। তেওঁ কয় যে এজন শিল্পী কেনেকৈ সকলো কামৰ বাবে দায়বদ্ধ হ’ব পাৰে। বৰুণ ধাৱনে মহিলাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ বিপৰীতে তেওঁৰ আহত পুত্ৰক লৈও শোক প্ৰকাশ কৰে। কিন্তু অভিনেতাগৰাকীৰ মতে এই সমগ্ৰ ঘটনাত মাত্ৰ এজন ব্যক্তিক দোষ দিয়াটো উচিত নহয়।
পুষ্পা ২ৰ মুখ্য অভিনেত্ৰী ৰশ্মিকা মাণ্ডন্নাইও টুইটাৰযোগে এই সমগ্ৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ আল্লু অৰ্জুনৰ সমৰ্থনত লিখিছিল, ‘এই সকলোবোৰ কি চলি আছে? বৰ হৃদয় বিদাৰক। ঘটা ঘটনাটো বৰ বেদনাদায়ক আছিল। কিন্তু সকলো দোষ এজন মানুহৰ ওপৰত জাপি দিয়াটো ভুল।
কংগনা ৰানাৱটেও আল্লু অৰ্জুনৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে। এটা টিভি চেনেলৰ সৈতে হোৱা বাৰ্তালাপত কুইন অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ আল্লু অৰ্জুনৰ সৈতে আছে। যি হ’ল, হ’ব নালাগিছিল। যদি কোনো ছুপাৰষ্টাৰ বা হাই প্ৰফাইল কেছ আছে তেন্তে এই কাম কৰাটো ভুল। কিন্তু প্ৰট’কল থাকিব লাগে। য’ত আছে সকলো সুৰক্ষাৰ ব্যৱস্থা।
যোৱা ৪ ডিচেম্বৰত পুষ্প ২ৰ প্ৰদৰ্শনীত এগৰাকী মহিলাৰ মৃত্যু হৈছিল। ইয়াৰ পিছতে আৰক্ষীয়ে আল্লু অৰ্জুনৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিছিল। অভিনেতাজনৰ উপৰিও চিক্কাডপল্লী থানাত তেওঁৰ নিৰাপত্তাৰক্ষী দল আৰু ছবি মেনেজাৰৰ বিৰুদ্ধেও ১০৫ আৰু ১১৮ (১) ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
অভিনেতাগৰাকীক গ্ৰেপ্তাৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত বহু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। অৱশেষত পুৱা ৬.৩৫ বজাত অভিনেতা আল্লু অৰ্জুনক মুকলি কৰি দিয়া হয় আৰু চাঞ্চলগুডা জেলৰ পৰা।