Breaking

আলমণ্ড আৰু বাদাম, স্বাস্থ্যৰ বাবে কোনবিধ বেছি উপকাৰী…

0 92


আলমণ্ড আৰু বাদাম দুয়োটা স্বাস্থ্যৰ উপকাৰী। কিন্তু প্ৰশ্ন হয় কোনবিধ বেছি উপকাৰী, আলমণ্ড নে বাদাম? এই বিষয়ে জানোঁ আহক…
আলমণ্ডত প্ৰচুৰ পৰিমাণে আঁহ থাকে। ইয়াৰ উপৰিও ইয়াত প্ৰটিন, ভিটামিন ই, তাম, ফছফৰাছৰ লগতে মেগনেছিয়ামও থাকে। আনহাতে বাদামত ভিটামিন বি, থাইয়ামিন, ভিটামিন বি ৬, বি ৯, এন্টিঅক্সিডেন্টকে ধৰি বহুতো খনিজ পদাৰ্থ থাকে, যিবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। যদি আপুনি এমুঠি আলমণ্ড আৰু বাদাম সমান পৰিমাণে লয়, তেন্তে আলমণ্ডত প্ৰায় ১৭০ কেলৰি, প্ৰায় ৬ গ্ৰাম প্ৰটিন আৰু ৩ গ্ৰাম আঁহ থাকিব। আনহাতে বাদামত প্ৰায় ১৬৬ কেলৰি, প্ৰায় ৭ গ্ৰাম প্ৰটিন আৰু প্ৰায় ২ গ্ৰাম ফাইবাৰ থাকিব। ভিটামিন বি ৰ ক্ষেত্ৰত বাদাম ভাল। আহাতে আলমণ্ড ভিটামিন ই ৰ বাবে উত্তম। বাদাম আৰু আলমণ্ড দুয়োটা স্বাস্থ্যৰ বাবে উপকাৰী।
আলমণ্ড আৰু বাদাম দুয়োবিধতে ভিটামিন ই থাকে।


আনহাতে যদি আপুনি ফ’লেট আৰু নিয়াচিনৰ দৰে বি ভিটামিন বিচাৰে তেন্তে আপুনি বাদাম খাব কাৰণ বাদামত বি ভিটামিনৰ পৰিমাণ বেছি।
মেগনেছিয়ামৰ ক্ষেত্ৰত বাদামতকৈ আলমণ্ড ভাল, বাদামৰ তুলনাত আলমণ্ডৰ পৰা বেছি মেগনেছিয়াম লাভ কৰিব।
আইৰণ আৰু কেলচিয়ামৰ বাবে আলমণ্ড কাব লাগে।
আনহাতে জিংকৰ ক্ষেত্ৰত দুয়োটা বাদাম সমতুল্য।
হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে দুয়োটাৰে যিকোনো এটা খাব পাৰে।
আলমণ্ডৰ তুলনাত বাদামৰ এলাৰ্জী বেছি। আনহাতে আলমণ্ডৰ এলাৰ্জি কম। এইদৰে আপোনাৰ স্বাস্থ্যৰ প্ৰয়োজন অনুসৰি আলমণ্ড বা বাদাম আপোনাৰ বাবে স্বাস্থ্যকৰ হ’ব।


Leave A Reply

Your email address will not be published.