শংকৰদেৱৰ আদৰ্শৰে চলা কীৰ্তনঘৰত নাৰীৰ প্ৰবেশত থকা বাধাৰ লগতেই, অ-হিন্দুৰ প্ৰবেশতো বাধা…

সৰুতেই কোনোবা এখন কাকতৰ লগত দিয়া পৰিপূৰকাত দেখিছিলো-নামঘৰ সদৃশ এক গৃহৰ বেৰৰ জলঙাইদি বাহিৰৰ পৰা এগৰাকী নাৰীয়ে আঠু কাঢ়ি, ভিতৰলৈ জুমি চাই আছিলে। ছবিখনে মনোযোগ আকৰ্ষণ কৰাৰ বাবে ভালদৰে পঢ়িছিলো সংলগ্ন লিখাখিনি। তেতিয়াহে জানিব পাৰিছিলো যে, প্ৰধানকৈ স্থানীয় লোকৰ গৰ্ববোধৰ প্ৰতীকস্বৰূপ বৰপেটা কীৰ্তন ঘৰত ভিতৰত নাৰীৰ প্ৰবেশ নিষেধ। অদ্ভুত আৰু আচৰিত লাগিছিলে কথাখিনি।

কি কাৰণত নাৰীৰ প্ৰবেশ নিষেধ জানিবৰ মন গ’লেও ইয়াৰ পৰা যে কোনো যুক্তিসংগত বা অৰ্থৱহ উত্তৰ নেপাম, সেইটো নিশ্চিত আছিলো। কাৰণ, নিজে জন্মিছিলো এক গোড়া, সংকীৰ্ণ ব্ৰাহ্মণ পৰিয়ালত। য’ত আনুষাংগিক বহু কথাৰ লগতে ই নাৰী হিচাপে কিদৰে আচৰণ কৰিম, বহিম বা মাহেকীয়াৰ সময়ত কিয় আন মানুহৰ লগতেই ঘৰখনৰ অন্যান্য বয়-বস্তুৰ পৰা পানীৰ দমকলটো পৰ্যন্ত স্পৰ্শ কৰা মানা আছিলে। আৰু এইবোৰ কিয় নেপাই সুধিলেই-“মনে মনে থাক,নিয়ম-নীতি যি চলি আহিছে,মানিব লাগে”-এনেধৰণৰ চালে-বেৰে কোবাই যোৱা উত্তৰ হে পাইছিলো।

কাৰণ অতি স্পষ্ট-তেওঁ‌লোকৰ হাততো এইবিলাক প্ৰশ্নৰ কোনো যুক্তিসংগত উত্তৰ নাছিলেই। মাথোঁ আগৰ গৰু যিবাটে যায়,পিছৰ গৰুও সেইবাটেই যাব লাগিব বুলি পাঠ শিকাইছিলে। কিন্তু যুক্তিবাদী মন এটাৰ লগতেই,নিজাববীয়াকৈ চিন্তা কৰিব পৰা মগজু এটা কিবাকৈ সেই পৰিবেশতেই সৃষ্টি হৈছিলে বাবে,বহু কথা গ্ৰহণ কৰিব পৰা নাছিলো,বা এতিয়াও নকৰো। সেয়ে ঘৰৰ কাৰোবাক সুধাৰ পৰিৱৰ্তে নিজে এই বিষয়ে জানিবলৈ চেষ্টা কৰিম বুলি ভাবিছিলো ।

তাৰপিছত প্ৰথমেই সেই জলঙাৰে চাই থকা নাৰীগৰাকীৰ কথা ভাবিছিলো-মনলৈ আহিছিলে-ইমানেই আত্মসন্মানহীন নে নাৰীগৰাকী যে,বাহিৰত বৰ বৰ হৰফেৰে নাৰীক তুচ্ছ,হেয় বা একেবাৰে ইতৰ পৰ্যায়ত ৰাখি এখন নিষেধাজ্ঞাৰ ফলক আৰি দিয়াৰ পিছতো সেই নাৰীগৰাকীয়ে এনেদৰে পুনৰ নিজৰ সন্মান ভূ-লুন্ঠিত কিয় কৰিছিলে ?ভগৱান?ঈশ্বৰ ভকতি?বাৰু মানি ল’লো-ভগৱানক চাবলৈয়েই নিজকে ইমান অৱনমিত কৰিছে,তাৰমানে সেই ভগৱানজনো লিংগ-বৈষম্যবাদী বা পুৰুষতান্ত্ৰিকতাৰ প্ৰতীক নেকি?যদিহে আপুনি নাৰী হোৱাৰ বাবেই সেই ভগৱানজনক চাব বা পূজাৰ অধিকাৰ নাই বা নেপাই,আৰু যদিহে স্বয়ং ভগৱানেই তেনে নিয়ম বান্ধিছে-তেন্তে সেইজন আকৌ কিদৰে ভগৱান হ’ব,তেওঁ‌চোন মানুহকেই মানুহ জ্ঞান নকৰে!!

Related Articles