Breaking

আজিৰে পৰা দুমাহৰ বাবে চলিব অমৰনাথ যাত্ৰা..

0 19

প্ৰতিবছৰে লাখ লাখ ভক্তই অমৰনাথলৈ যোৱা ভক্তৰ বাবে আজিৰে পৰা দুমাহলৈ অমৰনাথ যাত্ৰা চলি থাকিব।লোকবিশ্বাস অনুসৰি অমৰনাথ যাত্ৰা মহাদেৱৰ ভক্তসকলৰ বাবে অতি বিশেষ বুলি চৰ্চিত । উল্লেখ্য যে
অমৰনাথ ধামক শিৱৰ আটাইতকৈ পবিত্ৰ আৰু অলৌকিক স্থান বুলি গণ্য কৰা বৰফনীৰ শিৱ লিংগটো প্ৰতিবছৰে স্বয়ংক্ৰিয়ভাৱে সৃষ্টি হয়। প্ৰবাদ অনুসৰি অমৰনাথৰ গুহাতেই ভোলেনাথে পাৰ্বতীক অমৰ হোৱাৰ বাবে ৰহস্য কৈছিল। যাৰ ফলশ্ৰুতিত ভোলানাথ বাবাই একান্তভাৱে দেৱীক গোপন কথা কৈছিল কিয়নো এই কথা আন কোনোবাই যদি অমৰত্বৰ কাহিনী শুনিলেহেঁতেন তেন্তে তেৱোঁ অমৰ হৈ পৰিলহেঁতেন। ইয়াত থকা গুহাটোত থকা সৰু বৰফৰ শিৱলিংগটো প্ৰতিদিনে অলপ বাঢ়ি যায় আৰু ইয়াৰ উচ্চতা ২ গজতকৈও অধিক হয়।


লোক বিশ্বাস মতে যেতিয়া ভোলানাথে দেৱীক অমৰত্বৰ কাহিনী বৰ্ণনা কৰি থাকোঁতে দুটা কপৌ উপস্থিত থকাৰ বাবে কপৌযোৰো অমৰ হৈ পৰে । ভক্তসকলে সেয়া যাওঁতে দেখা বুলি উল্লেখ কৰে। অমৰ কাহিনীৰ সাক্ষী হোৱাৰ বাবে গুহাটোক অমৰনাথ গুহা বুলি কয় । উল্লেখ্য যে এই যাত্ৰা ১৯ ​​আগষ্ট শাৱন পূৰ্ণিমা অৰ্থাৎ ৰাখীবন্ধন পৰ্যন্ত চলি থাকিব বুলি জানিব পৰা যায় ।

Leave A Reply