Breaking

সৰু বোৱাৰীক ৬৪০ কোটি টকীয়া ভিলা, ২১ কোটিৰ গহনা আৰু ১০৮ কোটি টকীয়া নেকেলেচ উপহাৰ আম্বানীৰ…

0 78

বিশ্বতে চৰ্চিত এখন বিবাহ! এই বিবাহ খনেই হৈছে অনন্ত-ৰাধিকাৰ। অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াত ভাৰত আৰু বিদেশৰ ব্যৱসায়ী, চেলিব্ৰিটি, ৰাজনৈতিক আৰু ক্ৰীড়া ব্যক্তিত্ব উপস্থিত থাকে।সকলোৱে মনত প্ৰশ্ন নীতা আম্বানী আৰু মুকেশ আম্বানীয়ে বোৱাৰীক কি উপহাৰ দিলে?

নীতা আম্বানীয়ে ডুবাইৰ সমীপৰ পাম জুমেইৰাত নিৰ্মিত এখন বিলাসী ভিলা বোৱাৰী আৰু পুত্ৰ অনন্তক বিয়াৰ উপহাৰ হিচাপে উপহাৰ দিছে। পাম জুমেইৰাত নিৰ্মিত এই ভিলাটোৰ মূল্য প্ৰায় ৬৪০ কোটি টকা বুলি প্ৰকাশ পাইছে। মুকেশ আম্বানী আৰু নীতা আম্বানীয়ে পুত্ৰ অনন্তক বিয়াৰ উপহাৰ হিচাপে দিছে বেণ্টলী কন্টিনেণ্টেল জিটিচি স্পীড গাড়ী। এই গাড়ীখনৰ মূল্য ৫ কোটি ৪২ লাখ টকা বুলি কোৱা হৈছে। নতুন কইনাক ২১ কোটি ৭০ লাখ টকাৰ গহণা দিলে নীতা আৰু মুকেশ আম্বানীক। এই সকলোবোৰৰ উপৰিও নীতা আম্বানী আৰু মুকেশ আম্বানীয়ে আম্বানী পৰিয়ালৰ কনিষ্ঠ বোৱাৰী ৰাধিকাক এটা মুকুতা নেকেলেচো দিছে। যাৰ ভাৰতীয় মূল্য প্ৰায় ১০৮ কোটি টকা।

Leave A Reply

Your email address will not be published.