ডিব্ৰুগড়, ৩ নৱেম্বৰঃ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৭৮সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে ডিব্ৰু মহাবিদ্যালয়ৰ ৬২সংখ্যক প্ৰতিষ্ঠা দিৱসত(AMCH and Dibru College) মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Union Minister Sarbananda Sonowal) ছাত্ৰ সমাজৰ সৈতে মনৰ ভাৱ বিনিময় কৰে(Viswa Guru)।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰতক ‘বিশ্ব গুৰু’(Modi Govt) হোৱাৰ পথত আগুৱাই নিবলৈ দেশৰ শিক্ষা খণ্ডক ন-ৰূপত উন্নীতকৰণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে লোৱা ভূমিকাত আলোকপাত কৰে।
মোডী চৰকাৰৰ সবল শিক্ষা নীতিৰ বলত আজি ভাৰত ‘বিশ্ব গুৰু’ হ’বলৈ আগবাঢ়িছে: সৰ্বানন্দ সোণোৱাল
অসম চিকিৎসা মহাবিদ্যালয়ৰ যুৱ সমাজৰ আগত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “সমাজত বিজ্ঞানসন্মত মানসিকতা গঢ়াৰ বাবে চিকিৎসকসকলে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
এখন গৰিমাময় চিকিৎসা মহাবিদ্যালয়ৰ উত্তৰসূৰী হিচাপে আপোনালোকে জনসাধাৰণৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ সমৃদ্ধিৰ বাবে অহোৰাত্ৰ কাম কৰে(COVID)।
বিগত সময়চোৱাত কোভিডে যি ভাবুকিৰ সৃষ্টি কৰিছিল তাক বিফল কৰিবলৈ চিকিৎসক সমাজৰ লগতে আমাৰ বিজ্ঞানীসকলৰো শক্তি অপৰিহাৰ্য বুলি প্ৰমাণিত হ’ল।
চিকিৎসকসকলৰ নিস্বাৰ্থ সেৱাৰ বাবে জনসাধাৰণ ৰোগাৰোগঞ্জ্য হল আৰু সামগ্ৰিকভাৱে সমাজখন সুস্থ হৈ উঠিল। আজি চিকিৎসা পাৰদৰ্শিতাৰ ক্ষেত্ৰত ভাৰতীয় চিকিৎসকৰ প্ৰতিভা শীৰ্ষ মানৰ।
সমাজত বৈজ্ঞানিক মানসিকতা গঢ়ি তুলিবলৈ চিকিৎসকৰ ভূমিকা অপৰিহাৰ্যঃ সৰ্বানন্দ সোণোৱাল
ভাৰতত চিকিৎসা পৰ্যটনৰ দ্ৰুত বৃদ্ধিয়ে ইয়াৰ প্ৰমাণ। আজি আধুনিক চিকিৎসা পদ্ধতিৰ সমান্তৰালকৈ আমাৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিকো বিজ্ঞানসন্মত গৱেষণাৰে সমৃদ্ধ কৰি জনকল্যানৰ বাবে বঞ্জ্যৱহাৰ কৰা হৈছে। স্বাস্থ্যখণ্ডত ভাৰতৰ বিশ্বলৈ আটাইতকৈ ডাঙৰ উপহাৰ হৈছে যোগ, যিয়ে বহু যুগ ধৰি মানৱজাতিৰ স্বাস্থ্য আৰু মনৰ সুস্থতা বৃদ্ধি কৰি আহিছে।
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গতিশীল নেতৃত্বত আমি পৰম্পৰাগত চিকিৎসা বিজ্ঞানক আধুনিক চিকিৎসা বিজ্ঞানৰ সৈতে একত্ৰিত কৰি এক সামগ্ৰিক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিছো।
ডিব্ৰু কলেজৰ পৰা সৃষ্টি হোৱা মানৱ সম্পদে দেশৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰিবঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
আমি আশাবাদী যে বিশ্বমানৰ চিকিৎসক আৰু গৱেষকৰ ৰূপত অসম চিকিৎসা মহাবিদ্যালয়ে বুজন সংখ্যক মানৱ সম্পদ সৃষ্টি কৰিব।
ভাৰতৰ অগ্ৰণী স্বাস্থ্যসেৱা প্ৰতিষ্ঠান অসম মেডিকেল কলেজৰ ক্ষমতা সম্প্ৰসাৰণত গুৰুত্ব দিয়া হ’বঃ সৰ্বানন্দ সোণোৱাল
মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে অসম চৰকাৰে ইতিমধ্যে ৩০০ কোটি টকা প্ৰদান কৰিছে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ হিচাপে মযডো এইক্ষেত্ৰত প্ৰয়োজনীয় সহায়ৰ হাত আগবঢ়াম।
অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গৌৰৱ। এনে এখন গৌৰৱোজ্জ্বল শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী হিচাপে আপোনালোকে প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি মানৱ সমাজৰ সুস্থতাৰ বাবে কাম কৰি যাব বুলি মই আশা কৰিছো।”
আজি অসম চিকিৎসা মহাবিদ্যালয়ৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা; ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী; শদিয়াৰ বিধায়ক বলিন চেতিয়া; ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ড০ শৈকত পাত্ৰ; মহাবিদ্যালয়খনৰ অধ্যক্ষ অধ্যাপক সঞ্জীৱ কাকতি আৰু উপাধঞ্জ্যক্ষ ড০ ৰীমা নাথ; মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণ জ্যোতি; অসম গেছ কোম্পানী লিমিটেডৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ; ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি উজ্জ্বল কাশ্যপ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰু মহাবিদ্যালয়ৰ ৬২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনতো অংশগ্ৰহণ কৰে।
জনসাধাৰণৰ সহযোগত প্ৰতিষ্ঠা কৰা মহাবিদ্যালয়খন আজি অঞ্চলটোৰ এখন অগ্ৰণী মহাবিদ্যালয় হিচাপে পৰিগণিত হৈছে। ডিব্ৰু মহাবিদ্যালয়ে ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদ (NAAC)ৰ পৰা উচ্চ সন্মান লাভ কৰিছে।
তদুপলক্ষে সৰ্বানন্দ সোণোৱালে আজি মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ভৰত নাৰায়ণ জামোৱাৰৰ লগতে উপাধ্যক্ষ নন্দ লাল বৰগোহাঁইক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এই অনুষ্ঠানত ভাষণ দি সৰ্বানন্দ সোণোৱালে কয়, ‘একবিংশ শতিকাটো প্ৰতিযোগিতাৰ শতিকা। মৰ্যাদাৰে সফলতাৰ শিখৰত উপনীত হ’বলৈ আমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবঞ্জই লাগিব।
সেই প্ৰত্যাহ্বানৰ বাবে আপোনালোকক প্ৰস্তুত কৰিবলৈ ডিব্ৰু কলেজে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আজি এই মহাবিদ্যালয়ত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে আৰু মানৱ সম্পদৰূপে নিজকে গঢ় দিবলৈ চেষ্টা কৰিছে। তাৰ বাবে আপোনালোক আটায়ে কৃতজ্ঞতাৰ পাত্ৰ।
ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি মোৰ এটাই আহ্বান আপোনালোকে নিজক গঢ়ি তোলাত গভীৰভাৱে মনোনিৱেশ কৰক। সফলতাৰ কোনো চমু বাট নাই। আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াইও ৰাষ্ট্ৰ পৰিচালনাৰ বাবে কঠোৰ পৰিশ্ৰম কৰে। তেখেতে প্ৰধানমন্ত্ৰী হিচাপে নহয়, দেশৰ প্ৰধান সেৱক হিচাপে দেশসেৱাৰ কামত নিজকে উৎসৰ্গিত কৰিছে।
আপোনালোকেও তেওঁৰ জীৱনৰ পৰা আদৰ্শ লঞ্জওক। ডিব্ৰু মহাবিদ্যালয়ৰ অনুষ্ঠানত সোনোৱালৰ সৈতে উপস্থিত থাকে প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা বৰ্তমান ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী; ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ড০ শৈকত পাত্ৰ; ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকা; ডিব্ৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰদীপ কুমাৰ বৰুৱা; ডিব্ৰু মহাবিদ্যালয়ৰ অধ্যক্ষ অদিতি বৰুৱাৰ লগতে অন্যান্য গণ্য-মান্য ব্যক্তিসকল।