১৫ বছৰীয়া বৈবাহিক জীৱন সমাপ্ত আমিৰ-কিৰণৰ

১৫ বছৰীয়া বিবাহ সমাপ্ত কৰাৰ সিদ্ধান্ত ল’লে বলীউড অভিনেতা আমিৰ খান আৰু তেওঁৰ পত্নী কিৰণ ৰাৱে। শক্তি দম্পতীহালে ৩ জুলাইত এক যুটীয়া বিবৃতিৰে পৃথকীকৰণৰ কথা ঘোষণা কৰে। অভিনেতাজনে প্ৰথমে ৰীনা দত্তৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। দম্পতীহালৰ দুই সন্তান ক্ৰমে পুত্ৰ – জুনেইদ আৰু জীয়ৰী- ইৰা। এই বিবাহ খনৰ পৃথকীকৰণৰ পিছত ২০০৫ চনৰ ২৮ডিচেম্বৰ তাৰিখে আমিৰ খান কিৰণ ৰাওৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। সেই সময়চোৱাত কিৰণ লগনৰ ছেটত আছোতোষ গোৱাৰিকাৰৰ সহকাৰী পৰিচালক আছিল।২০১১ চনৰ ৫ডিচেম্বৰ তাৰিখে দুয়োজনে চাৰোগেচীৰ জৰিয়তে জন্ম হোৱা তেওঁলোকৰ পুত্ৰ আজাদ ৰাও খানৰ কথা ঘোষণা কৰে।
“এই ১৫ টা সুন্দৰ বছৰত আমি জীৱনজোৰা অভিজ্ঞতা, আনন্দ আৰু হাঁহি ভাগ-বতৰা কৰিছো আৰু আমাৰ সম্পৰ্ক কেৱল বিশ্বাস, সন্মান আৰু প্ৰেমত হে বৃদ্ধি পাইছিল। এতিয়া আমি আমাৰ জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিব বিচাৰো – এতিয়া স্বামী আৰু পত্নী হিচাপে নহয়, কিন্তু ইজনে সিজনৰ বাবে সহ-পিতৃ-মাতৃ আৰু পৰিয়াল হিচাপে”।

Related Articles