অমিতাভ বচ্চনৰ কৰ্মচাৰীৰ ক’ভিড পজিটিভ

বিগ বি অমিতাভ বচ্চনৰ আবাসগৃহৰ এজন লোকৰ দেহত পোৱা গৈছে কভিড ভাইৰাছ। ইয়াৰ পিছতে মুঠ ৩১জন কৰ্মচাৰীৰ কভিড পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পূৰ্বে যোৱা বছৰ জুলাই মাহত অমিতাভ বচ্চন কভিডত আক্ৰান্ত হৈছিল।

যাৰ ফলত অমিতাভ বচ্চনক মুম্বাইৰ ভিলে পাৰ্লেৰ নানাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অমিতাভৰ পিছত পুত্ৰ অভিষেক বচ্চন, বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চন আৰু নাতিনী আৰাধ্যাও কভিডত আক্ৰান্ত হৈছে।

Related Articles