সাংসদৰূপে শপতগ্ৰহণ অমৃতপাল সিঙৰ, অমৃতপাল সিঙক ৪ দিনৰ বাবে পেৰলত জামিন দিয়া হৈছে…

পঞ্জাৱৰ খাদুৰ চাহিবৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হোৱা খালিস্তান সমৰ্থক অমৃতপাল সিঙে অৱশেষত সাংসদ হিচাপে শপতগ্ৰহণ কৰিলে৷ অৱশ্যে, তেওঁৰ শপতগ্ৰহণৰ কোনো ফটো-ভিডিঅ’ মুকলি কৰা হোৱা নাই৷ শপতগ্ৰহণৰ পিচতে অমৃতপালক সিঙক কটকটীয়া নিৰাপত্তাৰ মাজেৰে এক সুৰক্ষিত গৃহলৈ লৈ যোৱা হয় পৰিয়ালক সাক্ষাৎ কৰাৰ বাবে৷ য’ত সাংসদগৰাকীয়ে পিতৃ আৰু খুড়াকক সাক্ষাৎ কৰে৷শপতগ্ৰহণৰ বাবে শুকুৰবাৰে পুৱা ৪ বজাত অমৃতপাল সিঙক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা বাহিৰলৈ উলিয়াই অনা হৈছিল৷ তাৰ পিচতে কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে সেনাৰ এয়াৰবেছলৈ লৈ যোৱা হৈছিল৷ তাৰ পৰা অমৃতপালক এখন সামৰিক বিমানত দিল্লীলৈ লৈ যোৱা হয়৷ দিল্লী পোৱাৰ পিচত তেওঁক বিমানবন্দৰৰ পৰা সংসদ ভৱনলৈ লৈ যোৱা হয়৷উল্লেখ্য যে অমৃতপাল সিঙক ৪ দিনৰ বাবে পেৰলত জামিন দিয়া হৈছে৷ কিন্তু আৰক্ষী-প্ৰশাসনে তেওঁক কেৱল শপতগ্ৰহণৰ বাবেহে কাৰাগাৰৰ পৰা বাহিৰলৈ আনে৷ পেৰলত থকা ১০ টা চৰ্ত অনুসৰি দিল্লীত পৰিয়ালক সাক্ষাতৰ অনুমোদন লাভ কৰে সাংসদগৰাকীয়ে ৷অমৃতপাল সিঙে প্ৰায় এবছৰ দুমাহ আৰু ১২ দিনৰ পিচত শপতগ্ৰহণৰ বাবে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাই আহে৷

এদিনৰ পিচত তেওঁক পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব৷ অৱশ্যে অমৃতপাল সিঙক দিয়া পেৰল জামিনত ৪ দিনৰ কথা উল্লেখ কৰা হৈছে। পেৰলত ১০ টা চৰ্তও আৰোপ কৰা হৈছে৷ অমৃতপাল সিঙক অনা-নিয়া কৰাৰ লগতে নিৰাপত্তাজনিত দিশসমূহ চোৱাচিতাৰ দায়িত্ব প্ৰদান কৰা হৈছে অমৃতসৰ গ্ৰাম্যৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সতীন্দৰ সিঙক৷ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অমৃতপাল সিঙক লৈ যোৱাৰ দায়িত্বও সতীন্দৰ সিঙৰ ওপৰত অৰ্পন কৰা হৈছে৷অমৃতসৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰৰ জালুপুৰ খাইৰা গাঁৱৰ বাসিন্দা অমৃতপাল সিং ৱাৰিছ পঞ্জাৱ সংগঠনৰ মুৰব্বী৷ তেওঁ খাদুৰ চাহিব সমষ্টিৰ পৰা কংগ্ৰেছৰ কুলবীৰ সিং জিৰাক পৰাস্ত কৰি সংসদৰ সদস্য হিচাপে নিৰ্বাচিত হয়৷ কিন্তু অমৃতপাল সিঙক নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কাৰাগাৰৰ পৰা ওলাই আহিবলৈ অনুমতি দিয়া হোৱা নাছিল৷ তথাপিও তেওঁ ৪ লাখতকৈ অধিক ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল ২০২৪ৰ সাধাৰণ নিৰ্বাচনত৷ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত ২০২৩ বৰ্ষৰ মাৰ্চ মাহত অমৃতপাল সিং আৰু তেওঁৰ সহযোগীসকলক পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ ইয়াৰ পিচৰে সহযোগীৰ সৈতে অমৃতপাল সিঙক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী কৰি ৰখা হৈছে৷ ইয়াৰ মাজতে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই জয়লাভ কৰে৷কিছুদিন পূৰ্বে তেওঁলোকৰ বন্দিত্বৰ কাল আৰু এবছৰলৈ বৃদ্ধি কৰা হয়৷

Related Articles