Breaking

কচুৱাত নগাঁও জিলাৰ আমছুৰ সম্বৰ্ধনা অনুষ্ঠান…

0 23

মংগলবাৰে নগাঁও জিলাৰ কচুৱাত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ (আমছুৰ)নগাঁও জিলা সমিতিৰ উদ্যোগত কচুৱা, লংজাপ আৰু চানখোলা আঞ্চলিকৰ সহযোগত সদ্যঘোষিত অসম উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছয় শতাধিক ছাত্ৰ -ছাত্ৰীক উৎসাহ আৰু প্ৰেৰণা দিয়াৰ বাবে এক সম্বধৰ্না অনুষ্ঠান অনুস্থিত হয়। নগাঁও জিলাৰ আমছুৰ সভাপতি আব্দুল নুৰৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাখনত আমছুৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ বহু কেইজন নেতা উপস্থিত থাকি ছাত্ৰ -ছাত্ৰী সকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে কৃতিত্ব অৰ্জন কৰা ছাত্ৰ -ছাত্ৰী সকলৰ আদৰ্শৰে আগবাঢ়ি যাবৰ বাবে আহ্বান কৰে।

আজিৰ সভাখনত উপস্থিত থাকে আমছুৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম, উপ সভাপতি মুশ্বাৰফ হুছেইন কবিৰ,নগাঁও জিলা আমছুৰ সাধাৰন সম্পাদক আশ্ৰাফুল হুছেইন কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হবিবুৰ ৰহমান, কচুৱা জুনিয়ৰ কলেজৰ অধ্যক্ষ আবুল হাছান, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্ত্ৰা গগন তালুকদাৰ কঠিয়াতলী শিক্ষাখণ্ডৰ চি আৰ চি চি মতিউৰ ৰহমান, হবিবুৰ ৰহমান,আব্দুল কালাম, সমাজকৰ্মী জহুৰ আলী, লুটুমাৰীপাৰ হাইস্কুলৰ প্ৰধান শিক্ষক বকুল নাথ হোজাই জিলা আমছুৰ উপদেষ্ট মনোৱাৰ হুছেইন, মৰিগাঁও জিলা আমছুৰ উপদেষ্টা, জহিৰুল ইছলামৰ লগতে চানখোলা আঞ্চলিকৰ সভাপতি সম্পাদককে ধৰি কচুৱা, লংজাপ আৰু চানখোলাৰ সদস্যবৃন্দ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.