চ’চিয়েল মিডিয়াত ভাইৰেল এখন ফটো।এই ফটো খন চ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল বঙালী অভিনেত্ৰী শ্ৰাৱন্তী চেতাৰ্জীয়ে।ফটোখন শ্বেয়াৰ কৰি এতিয়া বিপদত পৰিছে মোহময়ী অভিনেত্ৰী গৰাকী।ফটো শ্বেয়াৰ কৰি বিতৰ্কৰ মাজত সোমাই পৰিছে ৩৪ বছৰীয়া অভিনেত্ৰী শ্ৰাৱন্তী চেতাৰ্জী। অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। যদি দোষী সাব্যস্ত হয় তেন্তে শ্ৰাৱন্তী চেতাৰ্জী যাব পাৰে জে’ললৈ।শ্ৰাৱন্তী চেতাৰ্জীয়ে শ্বেয়াৰ কৰা সেই ফটোখন আছিল শিকলিৰে বন্ধা এটা নেউল হাতত লৈ অভিনেত্ৰী গৰাকীয়ে ফটো উঠিছিল।ফটোখন শ্বেয়াৰ কৰি অভিনেত্ৰী গৰাকীয়ে কেপশ্যনত লিখিছিল- ‘‘হঠাৎ এজন মৰমলগা কণমানি বন্ধুক লগ পালোঁ।’’
ফটোখন শ্বেয়াৰ কৰাৰ পিছতে শ্ৰাৱন্তীক লৈ চ’চিয়েল মিডিয়াত সৃষ্টি হয় বিৰ্তক,বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘন কৰাৰ অভিযোগ উত্থাপন হৈছে।শ্ৰাৱন্তী চেতাৰ্জী অতি সোনকালে কলকতাৰ চ’ল্টলেকস্থিত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ কোষ আৰু ডাটা মেনেজমেণ্ট ইউনিটৰ সন্মুখত হাজিৰ হ’ব লাগিব। সোধা-পোছা পিছত দোষী সাব্যস্ত হ’লে গ্ৰেপ্তাৰো কৰা হ’ব পাৰে শ্ৰাৱন্তী চেতাৰ্জীক।