Breaking

হাজোৰ নতুন বজাৰস্থিত ডাইনেমিক ফিজিঅ’থেৰাপী চেণ্টাৰ আৰু ডাক্টৰচ চেম্বাৰৰ সৌজ্যনত বিশেষভাৱে সক্ষম শিশুসকলৰ মানসিক বিকাশৰ্থে এখনি সজাগতামূলক সভা সম্পণ্ণ

0 1,067

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বিষ্ণুপুৰ নতুন বজাৰস্থিত ব্যক্তিগত মাধ্যমৰ উণ্ণত সা সুবিধাৰে প্ৰতিষ্ঠিত ডাইনেমিক ফিজিঅ’থেৰাপী চেণ্টাৰ আৰু ডাক্টৰচ চেম্বাৰৰ সৌজন্যত আজি বিশেষভাৱে সক্ষম শিশুসকলৰ মানসিক বিকাশৰ্থে অভিভাৱকসকলক উদ্দেশ্যি এখনি সজাগতামূলক সভা সম্পণ্ণ হ’য়।সভাত চিকিৎসা বিজ্ঞানৰ ব্যৱহাৰিক দিশেৰে বিশেষভাৱে সক্ষম শিশুসকলৰ মানসিক আৰু শাৰিৰীক বিকাশৰ্থে ফিজিঅ থেৰাপী আৰু স্পিষ্ট থেৰাপীৰ ব্যৱস্থাৰে সুস্বাস্থ্য গ্ৰহনৰ ওপৰত লবলগীয়া যতন সন্দৰ্ভত সাৱলীল বক্তব্য দাঙি ধৰে ।

তদুপৰি যিবোৰ শিশুৱে ভালকৈ বহিব নোৱাৰে,খোজ কাঢ়িব নোৱাৰে,কথা ক’ব নোৱাৰে,অথবা ডাউন চিন্ড্ৰোম,অটিজম আদিকে ধৰি বিভিণ্ণ সমস্যাত ভূগি আছে,সেই সকলক শিশুকো ডাইনেমিক ফিজিঅ’থেৰাপী চেণ্টাৰত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰা হ’য় বুলি উল্লেখ কৰে ফিজিঅ থেৰাপিষ্ট ডা° শংকৰজ্যোতি তালুকদাৰে।

Leave A Reply

Your email address will not be published.