Breaking

আৱেগিক হাৰ্দিক পাণ্ডিয়া! পত্নীৰ নাই কোনো প্ৰতিক্ৰিয়া! অনুৰাগীৰ চকু নাটাছাৰ ছ’চিয়েল মিডিয়া একাউণ্টলৈ! নাটাছাৰ একাউণ্টত মানুহে কি চাব বিচাৰে…

0 36

ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় ছাৰ্বিয়ান মডেল-অভিনেত্ৰী তথা হাৰ্দিক পাণ্ডিয়াৰ পত্নী নাটাছা ষ্টেনকভিচ। কিন্তু ভাৰতৰ টি-২০ বিশ্বকাপ জয় আৰু ইয়াত হাৰ্দিকৰ উজ্জ্বল প্ৰদৰ্শনক লৈ এতিয়ালৈকে নাটাছাই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। টি-২০ বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অন্তিম অভাৰত হাৰ্দিক পাণ্ডিয়াৰ জয়ী বলিঙে ক্ৰিকেটাৰগৰাকীক প্ৰশংসা কৰিবলৈ বাধ্য কৰাইছে। কিন্তু এই সকলোবোৰৰ মাজতে মানুহৰ দৃষ্টি নিবদ্ধ হৈ আছে হাৰ্দিক পাণ্ডিয়াৰ পত্নী নাটাছা ষ্টেনকভিচৰ ছ’চিয়েল মিডিয়া একাউণ্টত। নাটাছাৰ ছ’চিয়েল মিডিয়াত মানুহে কি চাব বিচাৰে…


ছাৰ্বিয়াৰ মডেল তথা অভিনেত্ৰী নাটাছা ষ্টেনকভিচ আৰু ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ মাজত বিচ্ছেদৰ উৰাবাতৰি দীৰ্ঘদিন ধৰি ইণ্টাৰনেটত প্ৰচাৰ হৈ আহিছে, যাৰ ওপৰত দম্পতীহালে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। উৰাবাতৰিৰ মাজতে নাটাছা ষ্টেনকভিচে ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় হৈ পৰিছে, আৰু প্ৰায় প্ৰতিদিনে তেওঁৰ নতুন ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰে। কিন্তু টি-২০ বিশ্বকাপ প্ৰতিযোগিতাখনৰ সময়ছোৱাত নাটাছাই হাৰ্দিক পাণ্ড্যাৰ বাবে কোনো পোষ্ট বা মন্তব্য কৰা নাই। বিশ্বকাপ টি-২০ জয় কৰাৰ পিছতো নাটাছাই হাৰ্দিক পাণ্ডিয়া বা টিম ইণ্ডিয়াৰ হৈ কোনো পোষ্ট দিয়া নাই। বিশ্বকাপ জয়ৰ পিছত গোটেই দিনটো ছ’চিয়েল মিডিয়াত পোষ্টৰ মাজতে নাটাছাৰ অন্তৰ্ধানে হাৰ্দিকৰ অনুৰাগীক অতিশয় বিচলিত কৰি তুলিছে।

টি-২০ বিশ্বকাপত ভাৰতে জয়লাভ কৰাৰ পাছত অতি আৱেগিক হৈ পৰিছিল হাৰ্দিক পাণ্ডিয়া। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে হাৰ্দিক আৱেগিক হৈ পৰা বহু ছবি।

Leave A Reply