অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিচ্ছবি অংকন প্ৰতিযোগীতা । Dr Himanta Biswa Sarma

০১ ফেব্ৰুৱাৰী, ২০২৫ঃ Dr Himanta Biswa Sarma । অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতিচ্ছবি অংকন কৰি ১৫ হাজাৰৰ পৰা ১ লাখ টকালৈকে নগদ পুৰস্কাৰ আগবঢ়াই চিত্ৰশিল্পী সকলৰ বাবে এক সুৱৰ্ণ সুযোগ প্ৰদান কৰে বিটিআৰৰ কাৰ্য্যবাহী সদস্য সঞ্জীত তাঁতীয়ে ।

চিত্ৰশিল্পী সকলক মাননীয় মুখ‍্যমন্ত্ৰী তথা সকলোৰে মৰমৰ মামাৰ প্ৰতিচ্ছবি অংকনৰ জৰিয়তে তেখেতৰ প্ৰতি থকা ভালপোৱা প্ৰকাশ কৰাৰ লগতে আকৰ্ষণীয় পুৰস্কাৰ লাভ কৰিবলৈ এয়া এক সকলোৰে বাবে সুযোগ প্ৰদান কৰে। দৰাচলতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীৰ ০১ ফেব্ৰুৱাৰী তাৰিখে জন্মদিন হেতুকে তাৰে লগত সংগতি ৰাখি বিটিআৰৰ কাৰ্য্যবাহী সদস্য সঞ্জীত তাঁতীয়ে গ্ৰহণ কৰে অসম ভিত্তিত চিত্ৰাংকণ প্ৰতিযোগিতা।

বিটিআৰ অন্তৰ্গত ওদালগুৰি জিলাৰ হাতীগড় চাহ বাগিছা খেলপথাৰত ০১ ফেব্ৰুবাৰি ৰাতিপুৱা ৯ বজাত প্ৰতিযোগী খনিৰ শুভ উদ্বোধন কৰিব বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে। শুভ উদ্বোধনীৰ পিছতে সৰ্ব্ব ধৰ্ম সভা অনুস্থিত হয়। চিত্ৰাংকনত প্ৰতিযোগীতা খনিত অসমৰ বিভিন্ন অঞ্চল ২০০ গৰাকী চিত্ৰশিল্পীয়ে অংশ গ্ৰহণ কৰে। চিত্ৰশিল্পী সকলৰ শ্ৰেষ্ঠতা নিৰ্বাচন কৰিবলৈ বিশেষ ভাবে গুৱাহাটিৰ তিনি গৰাকী বিচাৰক উপস্থিত থাকি বিজেপি দল ওদালগুৰি জিলা সমিতি উপ-সভাপতি বিকন ডেকা, হাতীগড় চাহ বাগিচাৰ পৰিচালক দেবজিত বৰা, বিজেপি দলৰ মেডিয়া কনভেনৰ নয়ন মল্ল বেজবৰুবা, হৰিশিঙা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোলক কলিতা সহিতে অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তি তথা ৰাজ্য খনৰ লগতে জিলা তথা স্থানীয় বহু হেজাৰ লোকৰ উপস্থিত ১২ বছৰৰ উদ্ধত ছিনিয়ৰ পৰ্যায়ত প্ৰথম পুৰস্কাৰ এক লাখ টকা ম্ৰন্ময় শৰ্মা(সোনাপানী) বিটিআৰ ৰ কাৰ্য্যবাহী সদস্য সঞ্জীত তান্তী , দ্বিতীয় পুৰস্কাৰ পঞ্চাছ হেজাৰ টকা অৰিন্দম ডেকা( ছিপাঝাৰ) হাতীগড় চাহ বাগিচাৰ পৰিচালক দেবজিত বৰা, তৃতীয় পুৰস্কাৰ ২৫ হেজাৰ টকা বিশাল ডেকা ( মঙ্গলদৈ) দিগন্ত মাধব গোস্বামী , ১২ বছৰৰ জিনিয়ৰ পৰ্যায়ত প্ৰথম পুৰস্কাৰ পঞ্চাছ হেজাৰ টকা নিঞ্জুমন বৰা (গুৱাহাটী) প্ৰদান দাদুল চলিহা, দ্বিতীয় পছিচ হেজাৰ টকা কমল কলিতা (ৰঙিয়া) হৰিশিঙা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোলক কলিতা , তৃতীয় পুৰস্কাৰ পোন্ধৰ হেজাৰ টকা কৃষ্ণানু বৰ্মন (নলবাৰী) বটা প্ৰদান কৰে বিজেপি ওদালগুৰি জিলা সমিতি উপ-সভাপতি বিকন ডেকা দীগন্ত মাধব, দাদুল চলিহা আবেলি নিৰ্বাচিত শিল্প সকলক অসমৰ অসম ৰাজ্যিক পৰিবহণৰ অধ্যক্ষ পল্লবলোচন দাস আৰু বহু বিশিষ্ট ব্যক্তিৰ উপস্থতিত পুৰস্কাৰ সমুহ প্ৰদান কৰা হব।

Related Articles