Breaking

মহাপুৰুষীয়া ভাওনা সংস্কৃতি সংৰক্ষণৰ অভিনৱ প্ৰয়াস। পৌৰাণিক তথা ঐতিহাসিক গীত, সুৰ, বাজনাই জীপাল কলিয়াপানীস্থিত আউনীআটী সত্ৰ…

0 92

শ্ৰী শ্ৰী আউনীআটী সত্ৰ আৰু সদৌ অসম ভাওনা সন্মিলনৰ যৌথ উদ্যোগত ভাওনাৰ পৰম্পৰাগত গীত,সুৰ আৰু বাজনা পৰিৱেশন আৰু সংৰক্ষণৰ উদ্দেশ্যে এক ব্যতিক্ৰমী অনুষ্ঠান দেওবাৰে টীয়কৰ কলিয়াপানীস্থিত আউনীআটী সত্ৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱ গোস্বামী আৰু সদৌ অসম ভাওনা সন্মিলনৰ সভাপতি ড৹ মানিক শইকীয়াকে প্ৰমুখ্য কৰি ভাওনা সংস্কৃতিৰ কেইবাগৰাকীও মহীয়ান উপস্থিত থকা এই অনুষ্ঠানত উজনি অসমৰ শিৱসাগৰ,দুলীয়াজান,মাজুলী,গোলাঘাট,যোৰহাট আদিকৰি কেইবাখনো জিলাৰ ভাওনা সংস্কৃতিৰ সৈতে জড়িত চহা অভিজ্ঞতাসম্পন্ন শিল্পীয়ে অংশগ্ৰহণ কৰি মহাপুৰুষ দুজনৰ অমৰ সৃষ্টিৰাজি ভাওনাৰ বিভিন্ন পৌৰানিক গীত,সুৰ,বাজনা,ৰাগ,পয়াৰ,স্তুতি,বিলাপ আদি প্ৰদৰ্শন কৰে।

ইপিনে উক্ত অনুষ্ঠানত প্ৰদৰ্শিত সমূহ গীত বাজনা বাণীবন্ধন কৰাৰ ব্যৱস্থা কৰিছে উদ্যোক্তাসকলে যাতে অনাগত দিনত এই সকলো ঐতিহ্য বহনকাৰী অসমীয়াৰ সম্পদসমূহ সংৰক্ষণ কৰিব পাৰে।উল্লেখযোগ্য যে বিশেষকৈ উজনি অসমত বৰ্তমান মাতৃভাষাৰ ভাওনাই যথেষ্ট জনপ্ৰিয়তা লাভ কৰাৰ সমান্তৰালকৈ ভাওনাৰ আধুনিকীকৰণৰ নামত অৱশ্যে বহুবাৰ মহাপুৰুষীয়া এই অনুপম সৃষ্টি বিতৰ্কত সোমাই পৰিছে।সেয়ে অনাগত দিনবোৰত অসমীয়া পৰিচয়বাহক এই ভাওনা সংস্কৃতিয়ে আধুনিকতাৰ নামত যাতে নিজৰ স্বক্ৰিয়তা নেহেৰুৱাই আৰু নৱপ্ৰজন্মই যাতে শুদ্ধ ৰূপত ভাওনা সংস্কৃতি উপলব্ধি তথা মৰ্যদা সহকাৰে উপস্থাপন কৰিব পাৰে তাৰ উদ্দেশ্যেৰেই এই ব্যতিক্ৰমী প্ৰয়াস কৰা হৈছে আৰু এই প্ৰয়াসে ইতিমধ্য সফলতা লাভ কৰিছে বুলি মত প্ৰকাশ কৰিছে উদ্যোক্তাসকলে।

Leave A Reply

Your email address will not be published.