Breaking

ওদালগুৰি জিলা আপকুৰ উদ্যোগত ওৰাঙত মুকলি অন্তৰংগ আলাপ অনুষ্ঠান। মুখ্য অতিথি হিচাপে উপস্থিত বিশিষ্ট সাংবাদিক শংকৰ গোহাঁই…

0 70

আপকুৰ ওদালগুৰি জিলা সমিতি আৰু সাংবাদিক কল্যাণ ন্যাসৰ উদ্যোগত শনিবাৰে ওৰাঙৰ শেৱালি ধাবাৰ সভাকক্ষত এক মনোজ্ঞ মুকলি অন্তৰংগ আলাপ আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় সাংবাদিক কল্যাণ ন্যাসৰ সভাপতি বাপন শৰ্মাই সঞ্চালনা কৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে আপকুৰ উপদেষ্টা আব্দুল খালেকে। অনুষ্ঠানত জিলা খনৰ ২১ গৰাকী কৃতী শিক্ষক , চাৰি কৃতী বিদ্যাৰ্থীৰ লগতে চাৰিগৰাকী সংবাদ কৰ্মীক সমাজ সেৱামূলক সাংবাদিকতা সম্বৰ্দ্ধনা পত্র প্ৰদান কৰে আপকুৰ ওদালগুৰি জিলা সমিতিয়ে।


অনুষ্ঠানত দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক তথা বিশিষ্ট সাংবাদিক শংকৰ গোহাঁইয়ে সভা খনত উপস্থিত থাকি কয় যে সাংবাদিক সকলে নিৰপেক্ষ আৰু সততাৰে বাতৰি পৰিবেশন কৰাৰ কাৰনে আহ্বান জনায় গোঁহাইয়ে। সভা খনত বিটিআৰৰ পাৰিষদ দীপক মৌৰ, বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ কাৰ্য্যনিৰ্বাহক সদস্য তথা প্ৰাক্তন এম চি এল এ জিতু কিষাণ, মাজবাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড° প্ৰদীশ কুমাৰ শৰ্মা, অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গৌতমানন্দ গোস্বামী,মাজবাটৰ বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত শিক্ষক পূৰ্ণৰাম ডেকা,মাজবাট বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী ৰিমা পাঠক, আপকুৰ উপ-সভাপতি সুজিত কটকী, সাংগঠনিক সম্পাদক নৱ কুমাৰ ডেকা প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তি, জিলাখনৰ সাংবাদিক সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.