Breaking

ইতিবাচক দিশেৰে যুৱপ্ৰজন্মৰ বিশ্লেষণ ।

0 2,332

অংশুমান ভূঞা  

   সাম্প্ৰতিক সময়ত সৰ্বত্ৰ চৰ্চাত থকা এক বিষয় হৈছে যুৱপ্ৰজন্মৰ উচ্ছৃংখলতা।যিহেতু “আজিৰ যুৱপ্ৰজন্মই কাইলৈ দেশৰ ভৱিষ্যৎ স্বৰূপ” সেয়ে এই কথাটি অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰায়ে জ্যেষ্ঠসকলৰ মুখত শুনিবলৈ পোৱা যায় ‘নৱ প্ৰজন্ম অধঃপতনে গৈছে’,’জ্যেষ্ঠজনৰ প্ৰতি সন্মান প্ৰদৰ্শন নকৰে’,’বাইক,মোবাইলে ধ্বংস কৰিলে’, ইত্যাদি ইত্যাদি।কিন্তু যদি অলপ গভীৰলৈ গৈ দৃষ্টিপাত কৰা হয় তেন্তে এই প্ৰজন্মটোৰেই আন এক যোগাত্মক প্ৰতিচ্ছবিও আমাৰ চকুৰ আগত ভাঁ‌হি উঠিব।হয় কিছুসংখ্যক যুৱক-যুৱতীয়ে বিপথে পৰিচালিত হৈ সমাজলৈ অন্ধকাৰ নমাই আনিছে,কিন্তু তাৰ বাবে গোটেই প্ৰজন্মটোৱেই দায়ী হ’ব নোৱাৰে। সাম্প্ৰতিক পৰিস্থিতিও ইয়াৰ বাবে দায়ী ।ভৱিষ্যৎ নিৰাপত্তাহীনতা,কৰ্মসংস্থাপনহীনতা,দুৰ্নীতি আদিত অতিষ্ঠ হৈ হতাশাত ভুগিও বহুজন পথভ্ৰষ্ট হৈছে।জ্যেষ্ঠসকলৰো দায়িত্ব থাকে কনিষ্ঠ চামক শুদ্ধ পথ দেখুওৱাৰ।কিন্তু তাৰ পৰিৱৰ্তে জ্যেষ্ঠজনেই যদি বয়সৰ পাৰ্থক্য পাহৰি সকলো কাম লুক-ঢাক নোহোৱাকৈ কনিষ্ঠজনৰ সমুখতে কৰিবলৈ লয় তেন্তে তাৰ ফলাফল বিপৰীত হ’বই।সেয়ে যদি সঁ‌চাকৈয়ে যুৱচাম পথভ্ৰষ্ট হৈছে তেন্তে তাৰ বাবে অকল যুৱচামকে দোষাৰোপ কৰাটো সমীচীন নহ’ব,তাৰ সমভাগী সকলোৱে হ’ব লাগিব।এতিয়া আহকচোন ইমান সমালোচনাৰ সন্মুখীন হোৱা যুৱপ্ৰজন্মৰ যে বহুখিনি ইতিবাচক দিশো আছে তাত অলপ আলোকপাত কৰোঁ‌। আমাৰ বহুতৰে মনত এক ধাৰণা যে মোবাইলটো টিপি আছে মানেই সময়ৰ অপব্যয় কৰিছে বা মোবাইলটোৱে ল’ৰা বা ছোৱালীজনীক নষ্ট কৰিলে।তাৰ বাবে বহুতে বিজ্ঞান বা মোবাইলকে জগৰীয়া কৰে।সকলো বস্তুৰে ভাল-বেয়া দিশ থাকিবই।কিন্তু বিজ্ঞান বা মোবাইলৰ হাত বা ভৰি নাই যে নিজে আমাৰ ওচৰলৈ আহি আমাৰ অনিষ্ট কৰিব।আমি আমাৰ মনটোক নিয়ন্ত্ৰণ কৰাহে মূল কথা।ল’ৰাৰপৰা বুঢ়ালৈকে সকলোৱে এই মোবাইলৰ বিভিন্ন উপকাৰেৰে উপকৃত।মোবাইলে আমাৰ জীৱন-যাত্ৰা সুচল কৰি তুলিছে।এক কথাত ই অবিহনে বৰ্তমান যেন জীৱনেই অচল।এই মোবাইলটো যুৱপ্ৰজন্মৰ জীৱনৰ এক অংগত পৰিণত হৈছে।ইয়াক সাৰথি কৰিয়ে বহুজন আগবাঢ়িছে।আজিৰ প্ৰজন্মই গুগল,ইউটিউব খুঁ‌চৰি গোটেই বিশ্বব্ৰহ্মাণ্ডৰ খবৰ হাতৰ মুঠিতে ৰাখিছে।বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ শেহতীয়া উপকৰণৰ জ্ঞান আহৰণেৰে বিশ্বৰ আন ঠাইৰ যুৱপ্ৰজন্মৰ সৈতে সমানে ফেৰ মাৰিবলৈ উদ্যত হৈছে।মোবাইলৰ মাধ্যমেৰেই সাহিত্য চৰ্চাৰ এক নৱ বাট কাটিবলৈও সক্ষম হৈছে।বিভিন্ন ধৰণৰ ই-আলোচনীৰ সমাহাৰ ঘটিছে।বৰ্তমান চালুকীয়া অৱস্থাত থাকিলেও ভৱিষ্যতে এই আলোচনীবোৰে অসমীয়া সাহিত্যৰ ভঁ‌ৰাল চহকী কৰাৰ থল নিশ্চয়কৈ আছে। ফেচবুক,হোৱাটচ্আপ আদি যুৱপ্ৰজন্মৰ বাবে অকল সময় কটোৱাৰ মাধ্যম বুলি ভাবিলে নহ’ব।ইয়াক জ্ঞান অন্বেষণৰ মাধ্যম ৰূপেও এটা চামে আঁ‌কোৱালি লৈছে।সামাজিক মাধ্যমসমূহত বিভিন্ন ধৰণৰ ভাষা-সাহিত্য চৰ্চাৰ গোটৰ জন্ম দিছে।ইয়াৰ গৰিষ্ঠসংখ্যকতেই ভাষাটোৰ ওপৰত মূল্যৱান বিশ্লেষণ আগবঢ়াই থকা হয়,যিয়ে সকলোকে উপকৃত কৰি আহিছে।লকডাউনৰ সময়ছোৱাতো এই মাধ্যমবোৰৰ আলমতে গ্ৰন্থ অধ্যয়নৰ এক জোৱাৰ উঠা আমি আটায়ে লক্ষ্য কৰিছো।সামাজিক মাধ্যমবোৰত সাম্প্ৰতিক ঘটনাবোৰৰ ওপৰতো যুৱপ্ৰজন্মই আলোকপাত কৰি নিজস্ব দৃষ্টিভংগী দাঙি ধৰে।জনতাৰ কল্যাণবিৰোধী কামৰ প্ৰতিবাদ কৰাৰ লগতে ব্যাপক জনমত গঠন,জনসাধাৰণক সজাগ কৰাৰ দৰে গুৰু দায়িত্বও যুৱপ্ৰজন্মই মোবাইলত উপলব্ধ সামাজিক মাধ্যমবোৰৰ জৰিয়তে কৰি আহিছে।  বিজ্ঞানমনস্ক মনোভাব আজিৰ প্ৰজন্মটোৰ এক উল্লেখযোগ্য যোগাত্মক দিশ।আমাৰ সমাজখন বিভিন্ন ধৰণৰ অন্ধবিশ্বাস-কু-সংস্কাৰ আদিয়ে অতীজৰেপৰা আৱৰি আছে।ধৰ্মীয় গোড়ামি,ৰক্ষণশীল মনোভাবে সমাজখনক আগুৱাই যোৱাত সততে বাধা প্ৰদান কৰি আহিছে।পৰম্পৰাগতভাবে কিছুমান অদৰকাৰী নীতি-নিয়ম তেনেদৰেই চলি আহিছে।’নাপায়’ শব্দটোৰে বান্ধি ৰখা হৈছে।কিন্তু আজিৰ প্ৰজন্মই সেই ‘নাপায়’ৰ আচল ৰহস্য উদ্ঘাটন কৰিবলৈ যত্নপৰ হৈছে।এই ‘নাপায়’ৰ অন্তৰালৰ আচল ৰহস্য উদ্ঘাটন হোৱাটো সমাজৰ বাবে সুফলদায়ক আৰু যিবিলাক ‘নাপায়’ৰ কোনো বিজ্ঞানসন্মত ভিত্তি নাই সেইবোৰক সমাজৰ পৰা শীঘ্ৰে আঁ‌তৰাই পেলোৱাটোও জৰুৰী।নৱপ্ৰজন্মৰ প্ৰতিনিধিসকল এই পথৰেই পথিক হোৱা বুলি ক’ব পাৰি।চকু মুদি আমাৰ ককা-বোপাই মানি অহা দস্তুৰ আজিৰ প্ৰজন্মত সতকাই দেখিবলৈ পোৱা নাযায়।পৰম্পৰাগত বিশ্বাসৰ সুদৃঢ় ভেটিতেই অসমীয়া সমাজখনক অন্ধবিশ্বাস-কু সংস্কাৰ আদিয়ে বাৰুকৈয়ে গ্ৰাস কৰি পেলাইছে।বিশেষকৈ গাঁ‌ওবিলাক ইয়াৰ লীলাভূমিত পৰিণত হৈছে।সমাজখন বিজ্ঞানৰ পোহৰেৰে আলোকিত হোৱাত এই অন্ধ সংস্কাৰবোৰৰ ভূমিকাই সৰ্বাধিক।মানুহক পৰম্পৰাৰ প্ৰতি থকা দুৰ্বলতাই বিবেকশূন্য কৰি তোলে আৰু ইয়াৰে সুযোগ লৈ বিভিন্নজনে কিছুমান বিজ্ঞান বহিৰ্ভূত অলৌকিক কথাৰ অৱতাৰণাৰে বহুতকে ঠগাই নিজৰ ন্যস্ত স্বাৰ্থ সিদ্ধি কৰি আহিছে।এইক্ষেত্ৰত বৰ্তমান প্ৰজন্মটোৰ যি মানসিকতা সেয়া অকল প্ৰশংসাৰে যোগ্য নহয়,অদূৰ ভৱিষ্যতে এখন সুস্থ সমাজ নিৰ্মাণৰো এক মজবুত কাৰক বুলি বিবেচিত হ’ব।এই প্ৰজন্মটোৱে কেৱল পৰম্পৰাক খামুচি বহি নাথাকি বিশ্বত হোৱা অগ্ৰগতিৰ খা-খবৰ ৰাখি সেইমতে নিজক খাপ খুৱাই আগবাঢ়ি যাবলৈ সদা যত্নপৰ।আধুনিক প্ৰযুক্তিবিদ্যাৰ সুফলবোৰ আঁ‌কোৱালি ল’বলৈও সদা আগ্ৰহী।এই চিন্তাধাৰাই আমাৰ সমাজখনক জগতসভালৈ আগুৱাই লৈ যোৱাত গুৰি বঠা নিশ্চয়কৈ যে ধৰিব তাত অকণো সন্দেহ নাই। যুৱপ্ৰজন্ম বহুমুখী প্ৰতিভাৰ অধিকাৰীও।এই প্ৰতিভাই বৰ্তমানৰ দ্ৰুত পৰিৱৰ্তনশীল সমাজখনত বৰ্তি থকাত তেওঁলোকক সহায় কৰিছে।আমাৰ ৰাজ্যত প্ৰতিবছৰে বানপানীৰ তাণ্ডৱ এক নৈমিত্তিক ঘটনাত পৰিণত গৈছে।বানপানীৰ সময়ছোৱাত দুৰ্গতক দিবলগীয়া চৰকাৰী সাহায্যৰ গইনা লৈ খোৱা-কামোৰা লাগি থকাৰ সময়তে অসহায়জনলৈ সহায়ৰ হাত আগবঢ়াই বিভিন্ন যুৱ সংগঠনৰ নেতা-সদস্যসকলেই।অন্যায়-অনীতি সহ্য কৰাৰ মানসিকতাও এওঁ‌লোকৰ নাই।সজোৰে প্ৰতিবাদ সাব্যস্ত কৰে।জ্যেষ্ঠজনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ অপাৰগ বুলিও সততে নৱপ্ৰজন্মৰ প্ৰতি আঙুলি টোওৱা হয় যদিও অসমৰ গৰিষ্ঠসংখ্যক বৃদ্ধাশ্ৰমৰে জন্মদাতা তেওঁলোকেই।বহু যুৱক-যুৱতীয়ে নিজৰ জন্মদিন পালন কৰিবলৈ এই বৃদ্ধাশ্ৰমবোৰলৈ যায়।বৰ্তমান প্ৰকৃতিৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ মানৱ সভ্যতাৰ প্ৰতি এক গুৰুতৰ ভাবুকিস্বৰূপ হৈ পৰিছে।ভোগৰ লালসাত অন্ধ হৈ প্ৰকৃতি ধ্বংস যজ্ঞত নিমজ্জিত হৈছে।যুৱপ্ৰজন্ম এই দিশটোতো যে সচেতন সেয়া লক্ষ্য কৰিব পাৰি।জন্মদিন,বিভিন্ন অনুষ্ঠানত বৃক্ষৰোপণৰ কাৰ্যসূচী ৰখাটো এক নিয়মত পৰিণত কৰাইছে।আনকি বহুজনে উপহাৰ হিচাপেও গছপুলি দিয়াৰ ধাৰা এটা সৃষ্টিৰ প্ৰয়াসত ৰত হৈছে।আমাৰ ৰাজ্যখনৰ বহু অঞ্চলত স্থানীয় যুৱক-যুৱতীয়ে মিলি একো একোডোখৰ ঠাইৰ প্ৰকৃতিৰ সংৰক্ষণৰ জৰিয়তে তাক পৰ্যটনস্থলী হিচাপে গঢ় দিয়াৰ লগতে স্ব-নিৰ্ভৰশীলো হৈছে।বৰ্তমান চৰকাৰী চাকৰিৰ মন্দাৱস্থাৰ সময়ত বহু ডেকা-ডেকেৰীয়ে ইয়াৰ পাছত দৌৰি সময় নষ্ট কৰাৰ সলনি আধুনিক পদ্ধতিৰে বিভিন্ন ধৰণৰ খেতিত মনোনিৱেশ কৰিছে।ই আত্মনিৰ্ভৰশীলতাৰ এক বলিষ্ঠ খোজ। গতিকে ইমানবোৰ ইতিবাচক দিশেৰে সমৃদ্ধ হোৱাৰ পাছত আমি একে আষাৰেই নৱপ্ৰজন্ম যে উচ্ছৃংখল হৈছে,অধঃপতনে গৈছে বা ধ্বংসৰ দিশলৈ গৈছে তেনেদৰে ক’ব নোৱাৰো।এটা কথা ঠিক যে হাতৰ আটাইবোৰ আঙুলি সমান নোহোৱাৰ দৰে এটা চাম পথভ্ৰষ্ট নোহোৱা নহয়।কিন্তু তাৰ বাবে গোটেই প্ৰজন্মটোকে দোষৰ সমভাগী কৰাটো সমীচীন নহ’ব।পথভ্ৰষ্টসকলৰ এই অৱস্থাৰ পটভূমি বিশ্লেষণ কৰাৰো প্ৰয়োজন আছে।জ্যেষ্ঠসকলেও উপদেশতকৈ যে আৰ্হিহে ভাল সেই কথাটিত গুৰুত্ব দিয়া উচিত।নৱপ্ৰজন্মৰ সমাজখনক নেতৃত্ব দি আগুৱাই নিয়াৰ দক্ষতা ঠিকেই আছে কেৱল তেওঁলোকক অনুপ্ৰাণিত কৰি সঠিক পথ দেখুওৱাটো দৰকাৰী।

  • চামতা,নলবাৰী
  • ৬০০২৯ ৯৪৯৮০
Leave A Reply

Your email address will not be published.