ত্রিহৃদয় গোষ্ঠীৰ প্ৰয়াস মাজুলীত আনন্দৰাম ঢেকিয়াল ফুকনক সোঁৱৰণ ।

মাজুলী : মাজুলীৰ অন্যতম কলা-সাহিত্য,  সংস্কৃতিমূলক অনুষ্ঠান ত্রিহৃদয় গোষ্ঠীৰ উদ্যোগত কালি নিশা ৯ বজাৰ পৰা এক ফোন-ইন কনফাৰেঞ্চৰ মাধ্যমেৰে অসমীয়া জাতিক শ্ৰেষ্ঠ জাতি কৰাৰ স্বপ্নদ্ৰষ্টা আনন্দৰাম ঢেকিয়াল ফুকনক মৃত্যু দিৱসটিত স্মৰণ কৰা হয়। উক্ত কাৰ্য্যসূচীৰ উদ্বোধন কৰি বটদ্ৰৱাৰ কবি-সাংবাদিক কন্দৰ্প কুমাৰ কলিতাই কয় যে ‘অসমীয়া ল’ৰাৰ মিত্র’ শীৰ্ষক জনপ্ৰিয় গ্ৰন্থৰ স্ৰষ্টা ‘এ নেটিভ’ ছদ্ম নামেৰে খ্যাত আধুনিক যুগৰ অসমীয়া ভাষাৰ এগৰাকী অন্যতম লেখক আনন্দৰাম ঢেকিয়াল ফুকন কেৱল এটা সত্বাই নহয়, তেওঁ অসমীয়াৰ জাতীয় স্বাভিমানৰ মূলস্তম্ভ। বৰ্ণিল অনুষ্ঠানটিত ত্রিহৃদয় গোষ্ঠীৰ সহকাৰী সম্পাদকদ্বয় শংকুসিদ্ধ নাথ আৰু শ্যামন্ত পায়েং, সমাদৃত কবি লক্ষীপ্ৰসাদ ৰেগনকে আদি কৰি বহুকেইজন কবি-লেখকে অসমীয়া ভাষাৰ পুন: প্ৰতিষ্ঠাতাজনক সোঁৱৰণ কৰি বক্তব্য প্ৰদান কৰাৰ লগতে একোটাকৈ কবিতা পাঠ কৰে। সাংবাদিক যদু কলিতাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহন কৰা ব্যতিক্ৰমী অনুষ্ঠানটিৰ আঁত ধৰে ত্রিহৃদয় গোষ্ঠীৰ মুখ্য সম্পাদক পাপু বৰাই।

Related Articles