Breaking

হাতে হাত ধৰি প্ৰেমৰ নগৰ পেৰিছত অনন্ত-ৰাধিকা…

0 23

মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী আৰু বোৱাৰীয়েক ৰাধিকা মাৰ্চেণ্ট আছে বৰ্তমান প্ৰেমৰ চহৰত। পেৰিছৰ ‘দ্য চিটি অৱ লাভ’ত পত্নী ৰাধিকা মাৰ্চেণ্টৰ হাতত ধৰি ঘূৰি ফুৰা দেখা গৈছিল। ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে নৱবিবাহীতাৰ হাতে হাত ধৰি খোজ কঢ়াৰ এটা ভিডিঅ’।


কেৱল সেয়াই নহয়, অনন্ত আৰু ৰাধিকাৰ সৈতে আম্বানী পৰিয়ালৰ আন সদস্যসকলো পেৰিছলৈ গৈছে। পেৰিছত চলি আছে অলিম্পিক। সকলোৱে অলিম্পিক চাবলৈ পেৰিছলৈ গৈছিল।

১২ জুলাইত অনন্ত ৰাধিকাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। মুম্বাইত তিনিদিন ধৰি চলিছিল এই বিবাহ অনুষ্ঠান। পুত্ৰৰ বিয়া উপলক্ষে মুকেশে ৫০০০ কোটি টকা খৰচ কৰিছে। আম্বানী পুত্ৰৰ বিবাহ অনুষ্ঠানত দেশ-বিদেশৰ ৰাজনীতিবিদকে ধৰি ১৪ হাজাৰৰো অধিক অতিথিক আমন্ত্ৰণ জনোৱা হয়। লণ্ডনত অনন্ত আৰু ৰাধিকাৰ বিয়াৰ পিছৰ অনুষ্ঠান আম্বানীহঁতে আয়োজন কৰিবলৈ ওলাইছে বুলি উৰাবাতৰি চৰ্চা হৈছে।

Leave A Reply

Your email address will not be published.