Breaking

Andhra Pradesh-Telangana Rain: অন্ধ্ৰপ্ৰদেশ, তেলেংগানাত বানৰ সংহাৰী ৰূপ! বহু লোকৰ মৃত্যু, ১৪০খন ৰে’ল বাতিল…

39

প্ৰবল বৰষুণে দাক্ষিণাত্য ৰাজ্য সমূহলৈ বিপদ মাতি আনিছে। তেলেংগানাত ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কমেও ৯ জন লোকৰ প্ৰাণহানি হোৱাৰ লগতে ৰাজ্যখনৰ খাম্মাম জিলাৰ পাঁচজন লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। ৰাজ্যখনৰ খাম্মাম জিলাত পিতৃ-কন্যা হায়দৰাবাদ বিমানবন্দৰলৈ যোৱাৰ পথতে কৃত্ৰিম বানে উটুৱাই লৈ যায়।

আনহাতে অন্ধ্ৰ প্ৰদেশতো ধাৰাসাৰ বৰষুণৰ ফলত ১৫গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে অন্ধ্ৰ প্ৰদেশৰ ৰাজধানীতো ছয়জন লোক বানপানীৰ পানীত উটি যায়। বিজয়াৱাড়াৰ বুডামেৰু নদীৰ পানী হঠাৎ ওফন্দি উঠাৰ ফলত ভয়াৱহ বানৰ সৃষ্টি হয়, যাৰ ফলত চহৰখনৰ ৪০% অংশ ডুব যায়।

ধাৰাসাৰ বৰষুণৰ ফলত দক্ষিণৰ ৰাজ্যসমূহৰ চৰকাৰী আৰু ব্যক্তিগত সম্পত্তিৰ ব্যাপক ক্ষতিসাধন হৈছে আৰু হাজাৰ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। জলসিঞ্চন প্ৰকল্প, বিদ্যুৎ যোগান আৰু নেটৱৰ্ক, লক্ষাধিক একৰ ভূমি শস্য, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ঘাইপথ, দলং, কালভাৰ্ট, আৰু অন্যান্য সম্পত্তিৰ ক্ষতি হয়। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে বান পৰিস্থিতি পৰ্যৱেক্ষণ কৰিছে ।

লগতে পঢ়কঃ আজি দেশজুৰি সদস্যভৰ্তি অভিযান আৰম্ভ কৰিব বিজেপিয়ে

publishes by: munmi gogoi

Comments are closed.