Breaking

অসম ৰাজ্যিক অঙ্গনবাডী কৰ্মী আৰু সহায়িকা সংস্থাৰ বিক্ষোভ কাৰ্যসূচী।

0 36

জিলাই জিলাই ৰূপায়ণ কৰা হয় এই বিক্ষোভ কাৰ্যসূচী।

আমিনগাঁও স্থিত কামৰূপ জিলাৰ সমাজ কল্যাণ বিভাগ উত্তাল কৰিলে প্ৰায় ৫ শতাধিক কৰ্মী আৰু সহায়িকাই। কৰ্মী- সহায়িকা সকলে মুঠ তিনি দফিয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপৰ হাতত। কৰ্মী সকলে চৰকাৰক মাননিৰ পৰিবৰ্তে মজুৰি প্ৰদান কৰিবৰ বাবে দাবী জনাই।
আনহাতে অঙ্গনবাড়ী কৰ্মীসকলে তেওঁলোকৰ অৱসৰকালীন একালীনসাহায্য শীঘ্ৰে চৰকাৰে আদায় দিয়া, অঙ্গনবাডী কেন্দ্ৰ বোৰৰ একত্ৰিকৰন বন্ধ কৰা আৰু লগতে কেন্দ্ৰ সমূহৰ আন্তগাঁথনি মজবুত কৰা ইত্যাদি দাবী জনাই। আৰু এই দাবী সমূহ চৰকাৰে ৩১ ডিচেম্বৰৰ ভিতৰত পূৰণ নকৰিলে পৰবৰ্তী সময়ত ইয়াতকৈ আৰু অধিক ধৰ্ণা কাৰ্য্যসূচী লোৱা হব বুলি জনাই।

Leave A Reply

Your email address will not be published.