Breaking

মুকালমুৱাৰ দমদমাত অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাৰ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ। প্ৰকৃত হিতাধীকাৰীক বঞ্চিত কৰাৰ অভিযোগ…

0 602

মুকালমুৱাৰ দমদমাত অৰুণোদয় আঁচনিক কেন্দ্ৰ কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে আচঁনিৰ পৰা বঞ্চিত একাংশ মহিলাই। গাঁৱখনত অৰুণোদয় আচঁনি ৰূপায়নত প্ৰকৃত হিতাধীকাৰীক বঞ্চিত কৰি ৰাজনীতিকৰণ কৰাৰ অভিযোগ। গাঁৱখনৰ একেটা পৰিয়ালৰে চাৰি পাচ গৰাকী সদস্যই অৰুণোদয় আঁচনিৰ ধন লাভ কৰাৰ অভিযোগ। আজি গাঁৱখনত অৰুণোদয় আঁচনিৰ হিতাধীকাৰীৰ পুনৰীক্ষণ কৰিবলৈ আহা কৰ্মচাৰী সকলৰ সন্মূখত ক্ষোভ প্ৰকাশ কৰে বঞ্চিত মহিলা সকলে।

আনহাতে কৰ্মচাৰী সকলে গাঁৱবুঢ়া আবিহনে এটা ঠাইতে বহি গাওঁখনৰ লোক সকলৰ পুনৰীক্ষণ কৰাত বাধা আৰোপ কৰে ক্ষোভিত মহিলা সকলে। ঘৰে ঘৰে গৈ পুনৰীক্ষণ কৰি প্ৰকৃত হিতাধীকাৰীৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান মহিলা সকলৰ। প্ৰকৃত হিতাধীকাৰী সকলেহে যাতে অৰুণোদয় আচঁনিৰ ধন লাভ কৰে তাৰ বাবে চৰকাৰক আহ্বান জনাই মহিলা সকলে।

Leave A Reply

Your email address will not be published.