হোজাই: Angoorlata Deka । হোজাই জিলাৰ লংকা ২ নং পিপল পুখুৰীস্থিত শ্ৰীশ্ৰী শংকৰদেৱ হাইস্কুলত তিনিদিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী উৎসৱ (৫০ বছৰীয়া প্ৰতিষ্ঠা দিৱস) উৎসাহ-উদ্দীপনাৰে উদযাপন কৰা হয়। উৎসৱৰ তৃতীয় তথা অন্তিম দিনটোত অসমৰ বিশিষ্ট অভিনেত্ৰী আৰু প্ৰাক্তন বিধায়িকা অংকুৰলতা ডেকাই বিশেষ অতিথি হিচাপে অংশ গ্ৰহণ কৰে।
উৎসৱ উপলক্ষে আয়োজিত সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জনগোষ্ঠীৰ প্ৰতিনিধিসকলে পৰম্পৰাগত পোছাকত অংশগ্ৰহণ কৰি অসমীয়া সম্প্রীতি আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ এক সুন্দৰ প্ৰতিচ্ছবি উপস্থাপন কৰে।
অংকুৰলতা ডেকাই উৎসৱৰ সময়ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় বয়সজেষ্ঠ নাগৰিকসকলৰ সৈতে মতবিনিময় কৰি বিদ্যালয়ৰ ঐতিহাসিক যাত্ৰাক গভীৰ সম্ভাষণ জনায়। তেওঁ শিক্ষাৰ গুৰুত্ব আৰু সমাজত শিক্ষা প্ৰতিষ্ঠানৰ ভূমিকা সম্পৰ্কে আলোকপাত কৰে।
উৎসৱৰ বিশেষ আকৰ্ষণ হিচাপে NE24 News-ৰ বিশিষ্ট সাংবাদিক ৰাজদীপ বাংলুং বৰুৱাই অংশ গ্ৰহণ কৰে আৰু বিদ্যালয়ৰ সোণালী জয়ন্তী উপলক্ষে প্ৰকাশিত আলোচনী গ্ৰন্থখন উন্মোচন কৰে।
দিনটোৰ সামৰণিতে উদযাপন সমিতিৰ সভাপতি আৰু বিশিষ্ট সমাজসেৱক গজেন হাজৰিকাই সকলো স্থানীয় ৰাইজ, অতিথি, ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু শুভাকাংক্ষীসকললৈ সহযোগিতাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।
বিদ্যালয়ৰ এই সোণালী জয়ন্তী উৎসৱে শিক্ষাৰ্থী, শিক্ষক, অভিভাৱক আৰু স্থানীয় সমাজক একেলগ কৰি এক আত্মিক মিলনৰ পৰিৱেশ সৃষ্টি কৰে।