৪ বছৰৰ পিছত পৰ্দা সন্মুখলৈ আহিছে অনিল কাপুৰৰ কন্যা সোণম কাপুৰ। অনিল কাপুৰৰ কন্যা সোণম কাপুৰৰ কেৰিয়াৰ আৰম্ভ হৈছিল ২০০৭ চনত সাৱৰীয়াৰ সৈতে। দীৰ্ঘদিনীয়া কেৰিয়াৰত তেওঁ ৰণঝনা আৰু নীৰজাৰ দৰে উল্লেখযোগ্য ছবি বাছনি কৰিছিল। এতিয়া প্ৰায় চাৰি বছৰৰ পাছত পুনৰ পৰ্দালৈ উভতি আহিছে। তেওঁৰ কোৰিয়ান ৰিমেক ‘ব্লাইণ্ড’ ছবিখন ছবিগৃহৰ পৰিৱৰ্তে ডাইৰেক্ট অ’টিটিত মুক্তি দিয়াৰ সিদ্ধান্ত লৈছে। সেই বছৰতে Ek Ladki Ko Dekha To Aisa Laga ও মুক্তি লাভ কৰে। কিন্তু দুয়ো খন ফ্লপ হ’ল। সোণমৰ শেষ হিট ছবি বীৰ দি ৱেডিং আছিল তেওঁৰ হোম প্ৰডাকচন ছবি। দেউতাক অনিল কাপুৰ আৰু ভগ্নী ৰেহা কাপুৰ প্ৰযোজক আছিল। এতিয়া প্ৰায় চাৰি বছৰৰ মূৰত পুনৰ পৰ্দালৈ ঘূৰি আহিছে সোণম।
৭ জুলাইৰ পৰা জিঅ’ চিনেমাত প্ৰচাৰ হ’ব সোণম কাপুৰৰ ব্লাইণ্ড। সকলো দৰ্শকৰ বাবে বিনামূলীয়াকৈ উপলব্ধ হ’ব। শ্বোমে মাখিজাৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত পূৰব কোহলী, বিনয় পাঠক, লিলেটে ডুবে আৰু শুভম ছাৰাফেও অভিনয় কৰিছে। ব্লাইণ্ড এখন ছাচপেন্স থ্ৰিলাৰ। ২০১১ চনত নিৰ্মিত একে নামৰ কোৰিয়ান ছবিখনৰ পুনৰ্নিৰ্মাণ। চিৰিয়েল কিলাৰৰ সন্ধানত থকা এজন অন্ধ আৰক্ষী বিষয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ছবিখনত। এইজন আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে সোণম কাপুৰে। দীৰ্ঘদিন ধৰি ব্লাইণ্ড নিৰ্মাণৰ কাম চলি আছিল আৰু মুক্তিৰ বাবে অপেক্ষা কৰি আছিল। ছবিগৃহত মুক্তিৰ পৰিৱৰ্তে পোনপটীয়াকৈ অ’টিটিত মুক্তি দিয়াৰ সিদ্ধান্ত লৈছে ব্লাইণ্ডৰ নিৰ্মাতাসকলে।
লকডাউনৰ সময়ত ইংলেণ্ডৰ গ্লাছগোত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে। আমোদজনকভাৱে এই কোৰিয়ান ছবিখন তামিল ভাষাত নেট্ৰিকান (Third Eye) নামেৰে পুনৰ নিৰ্মাণ কৰা হৈছে। ইয়াত চাউথৰ ছুপাৰষ্টাৰ নয়ন্তৰাই মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখন অ’টিটি প্লেটফৰ্ম ডিজনী হটষ্টাৰত উপলব্ধ। ২০২১ চনৰ আগষ্ট মাহত এই অ’টিটিত মুক্তি পাইছিল ছবিখন। উল্লেখযোগ্য যে সোণমক শেষবাৰৰ বাবে দেখা গৈছিল পিতৃৰ এ কে বনাম এ কে ছবিত।