অনিমেষ ভুঞাৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলীঃ দেৰগাঁৱত সমুজ্জুল কুমাৰ ভট্টাচাৰ্য

যোৰহাটৰ মাজমজিয়াত ৰাজ্য কপাঁই যোৱা হত্যাকাণ্ডৰ বলি হোৱা দেৰগাঁৱৰ অনিমেষ ভূঞাৰ আজি অনুষ্ঠিত কৰা হৈছে ৰাজহুৱা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ  ।দেৰগাঁৱৰ ১নং খকণ্ডগুৰি গাঁৱৰ অনিমেষ ভূঞাৰ বাসগৃহৰ সমীপৰ শ্বহীদ স্মৃতি খকন্দগুৰি ছোৱালী বিদ্যালয়ৰ প্ৰাঙ্গণত অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠানৰ।

এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত সৰ্ব্বধৰ্ম্মীয় প্ৰাৰ্থনা,স্মৃতিচাৰন,আৰু বিশেষভাৱে “অপ্ৰতীম অনিমেষ” নামৰ এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰা হয়। জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে অংশ গ্ৰহণ কৰা এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংকৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাকে প্ৰমুখ্যে কৰি গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা, জীপাল কৃষক শ্ৰমিক সংঘৰ সোনেশ্বৰ নৰহ আদি কৰি বহু কেইটা সংগঠনৰ বিষয়-ববীয়া ।

অনিমেশ হত্যা কাণ্ডৰ লগত জড়িত কোনো দোষী যাতে সাৰি যাব নোৱাৰে তাৰ বাৰে চৰকাৰ আৰু প্ৰশাসনে কঠোৰ ব্যৱস্থা লবলৈ আহ্বান জনায় ছাত্ৰ সন্থাৰ নেতৃবৃন্দই।অনিমেশৰ পৰিয়ালে যাতে ন্যায় লাভ কৰিব পাৰে তাৰ বাবে ছাত্ৰ সন্থাই তীক্ষ্ণ নজৰ ৰাখিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে আছুৰ নেতৃত্বই।

Related Articles