অনিমেষ হত্যাকাণ্ডঃ ক’লা ল’ৰাসহ ১৪জনৰ বিৰুদ্ধে ৩৩৯ পৃষ্ঠাৰ চার্জশ্বীট

সমগ্র ৰাজ্য কঁপাই যোৱা ছাত্র নেতা অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ গোচৰত আজি ৩৩৯ পৃষ্ঠাৰ চার্জশ্বীট দাখিল কৰিছে যোৰহাট আৰক্ষীয়ে৷ এই গোচৰৰ মূল অভিযুক্ত তথা আৰক্ষীৰ এনকাউণ্টাৰত নিহত নীৰজ দাস ওৰফে ক’লা ল’ৰাসহ মুঠ ১৪জন অভিযুক্তৰ বিৰুদ্ধে সোমবাৰে জিলা সত্র ন্যায়াধীশৰ আদালতত যোৰহাট আৰক্ষীয়ে এই চার্জশ্বীট দাখিল কৰে৷ অভিযুক্তসকলৰ ভিতৰত এজন নাবালকো আছে৷ তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে চার্জ ৰিপ’ট দাখিল কৰিছে৷ এই ঘটনাত মুঠ ১৫জনক অভিযুক্ত কৰা হৈছিল যদিও ইয়াৰে এজনৰ বিৰুদ্ধে কোনো তথ্য–প্রমাণ লাভ নকৰাত তেওঁৰ নাম অৱেশষত প্রত্যাহাৰ কৰা হয়৷ সোমবাৰে এই কথা সদৰী কৰিছে যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে৷ তেওঁ প্রকাশ কৰা অনুসৰি এই ঘটনাত মুঠ ৭৬জন লোকে সাক্ষ্যদান কৰিছিল৷ তদুপৰি ৮জনীয়া এটা বিশেষ তদন্তকাৰী গোটে এই গোচৰৰ তদন্ত চলাইছিল৷ আৰক্ষী বিষয়া ক্ষীতেশ্বৰ বণিয়াৰ নেতৃত্বত এই তদন্তকাৰী গোটটোৱে সমগ্র ঘটনাৰ তদন্ত কৰিছিল৷ ৰাজ্য কঁপোৱা এই গণপ্রহাৰৰ ঘটনাৰ তদন্তকাৰী বিষয়া আছিল দণ্ডীৰাম বৰা৷

ইপিনে এই ঘটনাৰ বিচাৰ প্রক্রিয়া ফার্ষ্ট ট্রেক আদালতত কৰাৰ বাবে আৰক্ষীৰ ফালৰ পৰা চৰকাৰক আহ্বান জনোৱা হৈছে বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক জৈনে৷ তেওঁ লগতে কয় যে সকলো তথ্য–সমল সন্নিৱিষ্ট কৰি এখন সঠিক অভিযোগনামা দাখিল কৰা হৈছে৷ বিচাৰ প্রক্রিয়াৰ অন্তত এই গোচৰত জড়িত থকা দোষীয়ে কঠোৰ শাস্তি লাভ কৰিব বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে আশা প্রকাশ কৰে৷ ইতিমধ্যে এই গোচৰটোত যোৰহাটৰ বিশিষ্ট অধিবক্তা ৰিণ্টু গোস্বামীক বিশেষ চৰকাৰী অধিবক্তা হিচাপে নিয়োগ কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে যোৰহাট আৰক্ষীয়ে৷

উল্লেখ্য যে যোৱা ২৯ নৱেম্বৰত যোৰহাট নগৰৰ মাজমজিয়াত এদল উন্মত্ত লোকৰ প্রহাৰত প্রাণ হেৰুৱাইছিল গোলাঘাটৰ ছাত্র নেতা অনিমেষ ভূঞাই৷ দিন–দুপৰতে ছাত্র নেতাজনক এনেদৰে গণপ্রহাৰ কৰি হত্যা কৰা ঘটনাই সমগ্র ৰাজ্যতে তীব্র প্রতিক্রিয়া সৃষ্টি হৈছিল৷ এই ঘটনাত জড়িত লোকসকলক গ্রেপ্তাৰ কৰি কঠোৰ শাস্তি প্রদানৰ বাবে ৰাজ্যজুৰি দাবী উত্থাপন হৈছিল৷ ইয়াৰ পাছতে যোৰহাট আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ অধীনত ২৬২০/২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ ছাত্র নেতাজনক হত্যাৰ ক্ষেত্রত আগভাগ লোৱা ক’লা ল’ৰা ওৰফে নীৰজ দাসসহ কেইবাজনো অভিযুক্তক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ অৱশ্যে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰা নীৰজ দাস ওৰফে ক’লা ল’ৰাৰ আৰক্ষীৰ গুলীত ইতিমধ্যে মৃত্যু ঘটিছে৷ কেছ ডায়েৰীসহ অভিযোগনামাৰ মূল পৃষ্ঠাৰ সংখ্যা হৈছে ৮৮০৷

Related Articles