Anmol Bishnoi: গেংষ্টাৰ লৰেন্স বিষ্ণইৰ ভাতৃৰ সন্ধান দিওঁতাক দিয়া হ’ব পুৰস্কাৰ

(Anmol Bishnoi)বাবা ছিদ্দিকী হত্যাকাণ্ডৰ গোচৰত লৰেন্স বিষ্ণইৰ ভাতৃ আনমোল বিষ্ণইৰ নামো পোহৰলৈ আহিছে। আনমোল বিষ্ণইৰ সন্ধান দিওঁতালৈ ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে NIA-এ। NIA ৰ দ্বাৰা পঞ্জীয়ন কৰা ২০২২ চনৰ গোচৰত আনমোল বিষ্ণোইৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল কৰা হৈছে লগতে বাবা ছিদ্দিকী গোচৰতো আনমোল বিষ্ণোইৰ নাম আহিছে।(lawrence bishnoi brother anmol Bishnoi)

আনমোল বিষ্ণোই হৈছে গেংষ্টাৰ লৰেন্স বিষ্ণয়ৰ প্ৰকৃত ভাতৃ। স্নেপচ্যাটৰ জৰিয়তে বাবা ছিদ্দিকী শ্বুটাৰৰ সৈতে যোগাযোগ কৰি স্নেপচ্যাটত বাবা ছিদ্দিকী আৰু জিশানৰ ফটো শ্বুটাৰলৈ প্ৰেৰণ কৰি শ্বুটাৰক ঠিকা দিয়াৰ অভিযোগ। বৰ্তমান আমেৰিকাত বাস কৰি লৰেন্সৰ গেং চলাই আছে আনমোল বিষ্ণোই। গেংষ্টাৰ গোল্ডি ব্ৰাৰৰ সহযোগত তেওঁ এই গেংটো চলাই আছে। আনমোল বিষ্ণোইৰ বিৰুদ্ধে ১৮টাতকৈও অধিক অপৰাধমূলক গোচৰ ৰুজু হৈছে।(nia action gangster lawrence bishnoi brother anmol 10 lakh rupees reward)

যোধপুৰ কাৰাগাৰত থকা আনমোল বিষ্ণোক ২০২১ চনৰ ৭ অক্টোবৰত জামিনত মুকলি কৰি দিয়া হৈছিল। মুক্তিৰ পিছত ভুৱা পাছপ’ৰ্ট লৈ কানাডালৈ পলায়ন কৰে। চলিত বৰ্ষৰ এপ্ৰিল মাহত ছলমানৰ বেলকনিত সংঘটিত হোৱা গুলীচালনাৰ গোচৰৰ দায়িত্বও লৈছিল আনমোল বিষ্ণোই।(NIA)

আনমোলৰ প্ৰকৃত নাম ভানু। পাঞ্জাবী কণ্ঠশিল্পী সিদ্ধু মূছেৱালাৰ হত্যাকাণ্ডতো আনমোল বিষ্ণোইৰ নাম আহিছিল।

আনহাতে NIA-এ গেংষ্টাৰ লৰেন্স বিষ্ণইৰ ভাতৃৰ সন্ধান দিওঁতালৈ ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।

Related Articles