অৰবিন্দ কেজৰিৱাললৈ বিস্ফোৰক পত্ৰ আন্না হাজাৰেৰ, কেজৰিৱালক ‘ক্ষমতাৰ নিচাত আচ্ছন্ন ব্যক্তি’ আখ্যা

দুৰ্নীতি বিৰোধী আন্দোলনৰ নেতা তথা এসময়ত অৰবিন্দ কেজৰিৱালৰ পথ প্ৰদৰ্শক আন্না হাজাৰেই দিল্লীৰ আবকাৰী নীতি কেলেংকাৰী সন্দৰ্ভত কেজৰিৱাললৈ এখন বিস্ফোৰক পত্ৰ লিখিছে।পত্ৰ খনত হাজাৰেই কেজৰিৱালক ‘ক্ষমতা নিচাত বুৰ যোৱা’ বুলি বুলি অভিহিত কৰিছে।দিল্লী সুৰা কেলেংকাৰীক লৈ তিক্ত ৰাজনৈতিক বিবাদৰ মাজতে দুৰ্নীতি বিৰোধী আন্দোলনৰ অগ্ৰদূত তথা প্ৰসিদ্ধ সমাজকৰ্মী আন্না হাজাৰেয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ লিখা পত্ৰ খনে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে।২০১২ চনত ইণ্ডিয়া এগেইনষ্ট কৰ্পচন আন্দোলনৰ সময়ত তেওঁৰ সংগী কেজৰিৱাললৈ সম্বোধন কৰা পত্ৰখনত হাজাৰেই কয় যে দুৰ্নীতি বিৰোধী আন্দোলনৰ ফলস্বৰূপে জন্ম হোৱা আম আদমী পাৰ্টীয়েও এতিয়া “আন দলৰ পথ অনুসৰণ” কৰিবলৈ আৰম্ভ কৰিছে।পত্ৰ খনত হাজাৰেই লিখিছে “১০ বছৰ আগতে ২০১২ চনৰ ১৮ ছেপ্টেম্বৰত টীম আন্নাৰ সকলো সদস্যই দিল্লীত এখন বৈঠক অনুষ্ঠিত কৰিছিল। সেই সময়ত, আপে ৰাজনৈতিক পথ গ্ৰহণ কৰাৰ কথা কৈছিল।

কিন্তু আপুনি পাহৰি গৈছে যে এটা ৰাজনৈতিক দল গঠন কৰাটো আমাৰ আন্দোলনৰ লক্ষ্য নাছিল। সেই সময়ত দলটোৰ বিষয়ে ৰাইজৰ মনত বিশ্বাস আছিল কেৱল আন্না,” ।আন্নাই আকৌ লিখিছে”যিদৰে সুৰাৰ নিচা আছে, ঠিক তেনেদৰে, শক্তিৰো নিচা আছে। আপুনিও এনে শক্তিৰ নিচাত ডুব গৈছে,” ।দিল্লীৰ আৱকাৰী নীতিক লৈও প্ৰশ্ন উত্থাপন কৰিছে আন্না হাজাৰেই । এক পত্ৰ যোগে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক মনত পেলাই দিছে । আন্না হাজাৰেই পত্ৰত লিখিছে , আপোনাৰ (অৰবিন্দ কেজৰিৱাল) পৰা বহু আশা কৰিছিলো । আপুনি আদৰ্শ , বিচাৰধাৰা পাহৰি গল নেকি ?


লগতে আন্না হাজাৰে লিখিছে , আপুনি ‘স্বৰাজ’ নামৰ গ্ৰন্থত আদৰ্শ , বিচাৰধাৰাৰ কথা লিখিছিল । কিন্ত ৰাজনৈতিক ক্ষেত্ৰত খোজ পেলাই আপুনি আদৰ্শ , বিচাৰধাৰাক পাহৰি গল বুলি অনুভৱ হৈছে ।দিল্লীৰ আৱকাৰী নীতিক লৈও পত্ৰত মন্তব্য আন্না হাজাৰেৰ । তেওঁ‌ লিখিছে , মদ, মাদক দ্ৰব্যৰ যেনেকৈ নিচা আছে , তেনেকৈ ক্ষমতাৰো নিচা আছে । আপুনি আজি তেনে নিচাত ডুব গৈছে বুলি অনুভৱ হৈছে ।চিবিআইয়ে সুৰা কেলেংকাৰীৰ তদন্তৰ সন্দৰ্ভত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ লকাৰত তালাচী চলাইছিল। প্ৰায় পাঁচজন কেন্দ্ৰীয় অনুসন্ধান ব্যুৰোৰ বিষয়াৰ এটা দলে দিল্লীৰ উপকণ্ঠত গাজিয়াবাদৰ চেক্টৰ ৪ বসুন্ধৰাৰ পিএনবি শাখাত তালাচী চলাবলৈ উপস্থিত হৈছিল।চিছোদিয়া তেওঁৰ পত্নীৰ সৈতে বেংকত আছিল। চিছোদিয়াই কৈ আহিছে যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকল্প হিচাপে আত্মপ্ৰকাশ কৰা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অভিযান বন্ধ কৰিবলৈ তেওঁক মিছা গোচৰত অভিযুক্ত কৰা হৈছে। শুকুৰবাৰে দিল্লী বিধানসভাৰ এক বিশেষ অধিৱেশনৰ সময়ত, আপ নেতাজনে দাবী কৰিছিল যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰই ৰাজ্য চৰকাৰসমূহক নিৰ্মূল কৰিবলৈ চিৰিয়েল কিলাৰৰ দৰে কাম কৰি আছে।

Related Articles