তেৰ বছৰীয়া এজনী পখিলা-চপল ইহুদী কিশোৰী। নাম তাইৰ এন ফ্ৰাংক। তেৰ বছৰীয়া জন্মদিনত উপহাৰ পালে এখন ডায়েৰী। ১৯৩৩ চনতেই হিটলাৰৰ নাজী বাহিনীৰ ভয়ত তাইৰ বাপেক অটো ফ্ৰাংক সপৰিয়ালে হলেণ্ডলৈ গুছি আহিছিল। দ্বিতীয় মহাসমৰৰ সময়। নাজীয়ে হলেণ্ড দখল কৰিলে। “দেশভক্ত” নাজীবাহিনীৰ হাতত প্ৰাণ যোৱাৰ ভয়ত এনৰ বাপেকে দুজনমান সহমৰ্মী ডাচ্চ বন্ধুৰ সহযোগত আমষ্টাৰডামৰ এটা পুৰণা চাৰিমহলীয়া ঘৰৰ একেবাৰে ওপৰ মহলাৰ পিছফালৰ কোঠা দুটামানত সপৰিয়ালে আত্মগোপন কৰে।
দুই কিশোৰী জী মাৰ্গট আৰু এনৰ সৈতে চাৰিজনীয়া পৰিয়ালটোৰ প্ৰাণৰক্ষাৰ প্ৰয়াস! তেওঁলোকৰ লগতে লুকালহি মিষ্টাৰ আৰু মিছেছ ভানডান আৰু তেওঁলোকৰ কিশোৰ পুত্ৰ পিটাৰ। লগ লাগিলহি এজন দাঁতৰ ডাক্টৰো – ইহুদী! দুবছৰ ধৰি সেই আবদ্ধ গুপ্তগৃ্হতে এন ফ্ৰাংকে এক কাল্পনিক বন্ধুক উদ্দেশ্যি নিজৰ অভিজ্ঞতা লিখি গ’ল ডায়েৰী-পাতত।
দেশপ্ৰেম, জাতিপ্ৰেম আদিৰ ছদ্মবেশত সাম্প্ৰদায়িকতা আৰু ফেচীবাদে কিদৰে মানৱতাৰ ব্যাপক স্খলন ঘটাব পাৰে, তাক অনুধাৱন কৰিবলৈ আন একো নপঢ়িলেও হয়– এন ফ্ৰাংকৰ ডায়েৰীয়ে যথেষ্ট। অন্ধ উন্মাদনাই মানৱজাতিৰ কি বিপুল সম্ভাৱনা কলিতে বিনাশ কৰিব পাৰে তাৰো পাঠ আমি এই গ্ৰন্থৰ মাজেদিয়ে পাম – ফুলকলিৰ দৰে বয়সতে এনে মনোগ্ৰাহী আৰু সংবেদনশীল ভাষাৰে অসাধাৰণ গ্ৰন্থ লিখিব পৰা এন নিষ্ঠুৰ নাজীৰ অত্যাচাৰত অকালতে নমৰা হ’লে বিশ্বই নিশ্চয় আৰু বহু আপুৰুগীয়া সৃষ্টিৰ আস্বাদ পালেহেঁতেন। হিটলাৰ আৰু তেওঁৰ অনুগামীহঁতে নুবুজিলে যে সকলোৱে ভয় কৰা জাতি নহয়, সকলোৱে ভাল পোৱা জাতিহে শ্ৰেষ্ঠ। সেয়ে আশাকৰোঁ আজিৰ ভাৰত তথা অসমত আন এখন এন ফ্ৰাংকৰ ডায়েৰী লিখাৰ পৰিবেশ তৈয়াৰ নহওক।