Breaking

প্ৰবীন নাট্যকৰ্মী মনো বৰালৈ ‘ড° আম্বেদকাৰ ৰাষ্ট্ৰীয় ফেল’শ্বিপ বঁটা ২০২০’ ঘোষণা

0 2,033

বোকাখাত, ২৮ ডিচেম্বৰঃএটাৰ পিছত আনটোকৈ ৰাষ্ট্ৰীয় সন্মান প্ৰাপকৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈছে বোকাখাতৰ বিশিষ্ট ব্যক্তিৰ নাম। এইবাৰ ভাৰতীয় দলিত সাহিত্য একাডেমিয়ে বোকাখাতৰ প্ৰবীন নাট্যকৰ্মী মনো বৰালৈ ঘোষণা কৰিছে ‘বাবা চাহেব ড° আম্বেদকাৰ ৰাষ্ট্ৰীয় ফেল’শ্বিপ বঁটা ২০২০’।এক পত্ৰযোগে একাডেমিৰ ৰাষ্ট্ৰীয় সভাপতি ড° এচ পি শোভনাক্ষৰে এই কথা বৰাক জানিবলৈ দিছে। বৰ্তমান বৰলুইতৰ বুকুত বিলুপ্ত বোকাখাতৰ ধনশিৰিমুখ বিলতীয়া গাঁৱৰ প্ৰয়াত দিনৰাম বৰা আৰু প্ৰয়াত মাকন বৰাৰ পুত্ৰ নিষ্ঠাবান নাট্যকৰ্মী, বিশিষ্ট কাৰু-কলা শিল্পী বৰাৰ জন্ম হয় ১৯৫৪ বৰ্ষৰ ১৪ আগষ্টত। আজীৱন সাধনাৰে অসমৰ নাট্য, শৈল্পিক, সাংস্কৃতিক, কাব্যিক, সামাজিক আৰু শৈক্ষিক জগতলৈ আগবঢ়োৱা বৰঙণিৰ বাবে বৰালৈ আগবঢ়োৱা হৈছে সন্মান। ষাঠিৰ দশকৰ পৰাই অভিনয় কৰি অহা বৰাই বৰ্তমানলৈকে অবিৰতভাৱে অসমৰ বহুকেইখন জিলাৰ বিভিন্ন মঞ্চত একাংক নাট প্ৰতিযোগিতাত শতাধিক অভিনেতা, শ্ৰেষ্ঠ পৰিচালকৰ ৰাজ্যিক খিতাপৰ ওপৰিও কোচবিহাৰ, উৰিষ্যাকে আদি কৰি দেশৰ বিভিন্ন মঞ্চত ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান অৰ্জন কৰিছে। ১৯৭৯ বৰ্ষৰ পৰাই বোকাখাতৰ কৈলাখাত নাট্যমন্দিৰৰ সৌজন্যত মাজুলীৰ গড়মূৰ সত্ৰৰ আৰ্হিত ধাৰাবাহিকভাৱে ৰাসলীলাৰ পৰিচালনা কৰি আহিছে মনো বৰাই। আঁশীৰ দশকত বোকাখাতৰ কৈলাখাত নাট্যমন্দিৰৰ সৌজন্যত বৰাৰ প্ৰচেষ্টাত চাৰিখন পূৰ্ণাংগ নাটক লৈ ‘সংঘমিত্ৰা থিয়েটাৰ’ নামৰ ভ্ৰাম্যমাণ নাট্যদল গঠন কৰি ৰাজ্যৰ ১০ স্থানত নাট্য নিবেদন কৰে। আধুনিক নাটকৰ সমান্তৰালকৈ ১৯৭০ বৰ্ষৰ পৰাই অংকীয়া ভাওনাৰ অভিনয়ৰ চৰ্চাও জাৰি ৰখা বৰাই বিভিন্ন ভাওনা প্ৰতিযোগিতাত স্থানীয়ভাৱে, জিলাভিত্তিত আৰু অসম ভিত্তিত শ্ৰেষ্ঠ ভাৱৰীয়াৰ সন্মান অৰ্জন কৰিছে। ২০০৬ বৰ্ষত বৰাৰ প্ৰচেষ্টাত ‘নৱজ্যোতি’ নাট্যদল গঠন কৰি উৰিষ্যাত নাট্য নিবেদন কৰে। ২০১১ বৰ্ষত বোকাখাতৰ কৈলাখাতৰ শিল্পী সকলক লৈ পুনৰ উৰিষ্যাৰ কটকত হোৱা এক সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহন নাটক, বিহু, বৰগীত আদি কেইবাটাও শিতানৰ দলীয় আৰু একক বহুকেইটা সন্মান লাভেৰে অসমলৈ সুনাম কঢ়িয়াবলৈ সক্ষম হয়। ২০১৪ ত বোকাখাতৰ বিভিন্ন গ্ৰাম্যাঞ্চলক সামৰি ‘কপিধ্বজ ভাওনা দল’ গঠন কৰি বৰাৰ সভাপতিত্বত শিল্পী সকলৰ প্ৰশিক্ষণৰ জড়িয়তে অসমৰ ভাওনাৰ জগতখনলৈ এক উল্লেখযোগ্য বৰঙণি আগবঢ়াইছিল। বৰা ঢোল, পেঁপা, গগণা, শুতুলী, বাঁহী, টোকাৰী, খোল, নাগাৰা, বৰতাল, দোতাৰা আদি থলুৱা বাদ্যযন্ত্ৰত নিপুণ শিল্পী। শৈক্ষিক, সামাজিক দিশত উদ্যমী বৰাৰ প্ৰচেষ্টাত বোকাখাতত ক্ৰমে ১৯৭০ ত বহিখোৱা ন-আলি প্ৰাথমিক বিদ্যালয়, আঁশীৰ দশকত কৈলাখাত নাট্যমন্দিৰ আৰু ১৯৯২ ত কৈলাখাত মধ্য ইংৰাজী বিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। উল্লেখ্য যে বৰাই বোকাখাত অঞ্চলৰ বহুকেইটা নামঘৰৰ লগতে যোৰহাটৰ এটি নামঘৰতো জয় বিজয়, নামসিংহ আৰু গড়ুৰৰ প্ৰতিমূৰ্তি, গায়ন বায়ন, ম’ৰা চৰাই, শৰাই, প্ৰৱেশদ্বাৰ আদিৰ লগতে কৈলাখাত মধ্য ইংৰাজী বিদ্যালয়ৰ তোৰণ নিৰ্মাণেৰে তেওঁৰ হস্তশিল্প, সুকুমাৰ কলা আৰু কাৰুশিল্পৰ দক্ষতাৰ পৰিচয় দিছে। শিল্প কৰ্মৰ সমান্তৰালকৈ বৰাৰ কবিতা, গল্প, প্ৰবন্ধ আদি লেখা মেলাও আজিকোপতি অসমৰ বিভিন্ন মুখপত্ৰ, আলোচনীত প্ৰকাশ পাই আহিছে। তেওঁৰ স্বৰচিত কাব্য সংকলন ‘অমিয়া সুৰ’ প্ৰকাশৰ পথত। পূৰ্ণাংগ দুই নাট ক্ৰমে ‘নতুন সূৰ্য’ আৰু ‘বনকন্যা’, একাংক নাট ক্ৰমে ‘উত্তৰণৰ গান’, ‘পৰুৱা’, ‘আচামীৰ বিচাৰ’ আদি মনো বৰাৰ ৰচিত নাট। তদুপৰি বৰাই ৫১ খন ভাওনাৰ নাট ৰচনা আৰু সম্পাদনা কৰিছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উদ্বোধনী গীত ৰচনা, সুৰ সংযোজন আৰু পৰিচালনাৰ লগতে দুকুৰিৰো অধিক আধুনিক, বনগীত আৰু বিহুসুৰীয়া গীত ৰচনা কৰিছে বৰাই। ‘কিদৰে পাহৰো মই’, ‘মৰম’, ‘হৃদয়ৰ জ্বলা জুই’, ‘ভাওনা’, ‘হিয়ামনি’, ‘আমি অসমীয়া’, প্ৰাগ চেনেলৰ চিনেমা শিতানত বহুল প্ৰচাৰিত ‘প্ৰেমে মাথো প্ৰেম বিচাৰে’ আদি বৰাৰ অভিনীত ভি চি ডি কথাছবি। বৰালৈ ‘বাবা চাহেব ড° আম্বেদকাৰ ৰাষ্ট্ৰীয় ফেল’শ্বিপ বঁটা ২০২০’ চলিত মাহৰ ২৪ তাৰিখে প্ৰদান কৰাৰ কথা আছিল যদিও কভিডৰ বাবে বঁটা প্ৰদান অনুষ্ঠানৰ সময় সূচী সলনি কৰা হৈছে আৰু এই সন্মান অহা ২০২১ বৰ্ষৰ ১৩ মাৰ্চ তাৰিখে দিল্লীত প্ৰদান কৰা হ’ব বুলি বৰাৰ পৰা জানিব পৰা গৈছে। সম্প্ৰতি বোকাখাতৰ সংবাদসেৱী সংগঠন কাজিৰঙা নিউজ নেটৱৰ্কৰ উদ্যোগত মনো বৰাৰ জীৱন, কৰ্ম আৰু আদৰ্শৰ খতিয়ানেৰে এখনি অভিনন্দন গ্ৰন্থৰ প্ৰকাশৰ যোঁ জা চলি আছে। আজীৱন নাট্যকৰ্ম, শিল্প সাধনা, লেখা-মেলাত ব্ৰতী জনপ্ৰিয় শিল্পী মনো বৰালৈ এই ৰাষ্ট্ৰীয় বঁটাৰ ঘোষণাই বোকাখাত অঞ্চললৈ আনন্দৰ বন্যা নমাইছে।

Leave A Reply

Your email address will not be published.