Breaking

Guwahati Asian Film Festival: প্ৰথম গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱৰ ঘোষণা…

25

গুৱাহাটী, ৬ ছেপ্টেম্বৰ, ২০২৪: এছীয় আৰু উত্তৰ-পূৱ ভাৰতৰ চিনেমাৰ উদযাপনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে ২০২৫ চনৰ ৭ৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব প্ৰথম গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱ। অসমৰ এক চিনেমা নিৰ্মাণকাৰী সংস্থা ট্ৰেণ্ডিং নাও মিডিয়াৰ বেনাৰত অনুষ্ঠিত হ’বলগীয়া এই চলচ্চিত্ৰ মহোৎসৱৰ লক্ষ্য হৈছে এছীয় দেশসমূহৰ চহকী চিনে ঐতিহ্যৰ লগতে উত্তৰ-পূৱ ভাৰতৰ চিনেমাসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ প্ৰদান কৰা।(Asian Film Festival)


এই মহোৎসৱত উত্তৰ-পূৱ ভাৰতৰ চিনেমাৰ বাবে বিশেষভাৱে প্ৰতিযোগিতামূলক (Competition) শিতান ৰখা হ’ব, য’ত নিৰ্বাচিত চলচ্চিত্ৰসমূহক বিভিন্ন শিতানত বঁটা প্ৰদান কৰা হ’ব। প্ৰতিযোগিতামূলক শাখাৰ উপৰিও এছীয় আৰু ভাৰতীয় চিনেমাৰ প্ৰদৰ্শনৰ বাবে প্ৰতিযোগিতাবিহীন (Non-Competition) শিতান থাকিব য’ত উল্লেখযোগ্য নিৰ্বাচিত ভাৰতীয় চিনেমাকে ধৰি এছীয় চিনেমাসমুহ প্ৰদৰ্শন কৰা হ’ব।


উত্তৰ-পূৱ ভাৰতৰ চিনেমাসমূহে চলচ্চিত্ৰ মহোৎসৱৰ আনুষ্ঠানিক ৱেবচাইট Gaff.co.inৰ জৰিয়তে প্ৰতিযোগিতা শাখাত অংশগ্ৰহণ কৰিব পাৰিব। ফিল্মফ্ৰীৱে (Filmfreeway.com)ৰ জৰিয়তে ‘এছিয়ান ফিল্মছ’ আৰু ‘ইণ্ডিয়ান শ্ব’কেছ’ৰ বাবে নিজৰ চিনেমা প্ৰেৰণ কৰিব পাৰিব।


গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰাক্তন মহোৎসৱ পৰিচালক শ্ৰীমতী মনিতা বৰগোহাঁইৰ নেতৃত্বত অনুষ্ঠিত এই মহোৎসৱৰ উপদেষ্টা মণ্ডলীৰ সদস্য হিচাপে আছে চলচ্চিত্ৰ সমালোচক শ্ৰীনিবাস সান্থানম, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী চলচ্চিত্ৰ সমালোচক তথা চলচ্চিত্ৰ নিৰ্মাতা শ্ৰীউৎপল বৰপূজাৰী; আৰু চলচ্চিত্ৰ সমালোচক আৰু সম্পাদক ডেলটন ক্রিষ্টোফাৰ।


চিনেমা জমা দিয়াৰ নিৰ্দেশনা, প্ৰতিযোগিতাৰ শ্ৰেণী, আৰু উৎসৱৰ সময়সূচীৰ সম্পূৰ্ণ বিৱৰণ উপলব্ধ gaff.co.in ত।

published by: munmi gogoi

Comments are closed.