অসম প্ৰাদেশিক যোগী পুৰোহিত সন্মিলনীৰ বাৰ্ষিক সাধাৰণ সভাখনি দুদিনীয়া কাৰ্যসূচীৰে যোৱা ২ আৰু ৩ এপ্ৰিল শনিবাৰ আৰু ৰবিবাৰে মাজুলী জিলাৰ ৰঙাচাহী গাঁৱৰ নামঘৰত অনুষ্ঠিত হয় । ২ এপ্ৰিল তাৰিখে সন্ধিয়া পাঁচ বজাৰ পৰা পুৰোহিত সন্মিলনীৰ কাৰ্যকৰী সভাখন অনুষ্ঠিত হয় । ৩ এপ্ৰিলত পুৱা ৭ বজাত পৰিবেশ নিকাকৰণেৰে দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হয় । পুৱা ৮ বজাত বৃক্ষ ৰোপন কৰে দেবেশ্বৰ বৰাই ,পুৱা ৯ বজাত প্ৰাদেশিক যোগী পুৰোহিত সন্মিলনী আৰু মাজুলী জিলা যোগী পুৰোহিত সন্মিলনীৰ পতাকা উত্তোলন কৰে প্ৰাদেশিক যোগী পুৰোহিত সন্মিলনীৰ সভাপতি লক্ষীৰাম নাথ আৰু মাজুলী জিলা পুৰোহিত সন্মিলনীৰ সৰ্বেশ্বৰ নাথে । দিনৰ ১১ বজাৰ পৰা প্ৰাদেশিক যোগী পুৰোহিত সন্মিলনীৰ সভাপতি লক্ষ্মীকান্ত নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখনি প্ৰনৱ ধ্বনি , শিৱ-স্ত্ৰোত্ৰ আৰু গুৰু বন্দনাৰে আৰম্ভ হয় ।
মুকলি সভাখন উদ্বোধন কৰে মাজুলী জিলা যোগী সন্মিলনীৰ সভাপতি নীলকান্ত নাথে ,সভাত মুখ্য অতিথি হিচাবে অসম প্ৰাদেশিক যোগী সন্মিলনীৰ সাধাৰণ সম্পাদক অজিত কুমাৰ নাথ , নিদিষ্ট বক্তা হিচাবে অসম প্ৰাদেশিক যোগী সন্মিলনীৰ কাৰ্যকৰী সভাপতি প্ৰশান্ত নাথ , ৰামসাগৰ নাথ , অমূল্য নাথ , আনন্দ নাথ , জয়ন্ত নাথ ,জিতেন নাথ আদিয়ে অংশগ্ৰহণ কৰে । সভাত কেইবাটাও প্ৰস্তাৱ গ্ৰহন কৰা হয় । অসমৰ বৰাক- ব্ৰহ্মপুত্ৰৰ প্ৰায়কেইখন জিলাৰ পৰা উপস্হিত থকা পুৰোহিত প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰে । সন্ধিয়া শান্তি পাঠেৰে সভাৰ সমাপ্তি হয় ।