আনয়ন দি হেবিট এনজিঅ’ৰ এক ব্যতিক্ৰমী প্ৰদক্ষেপ

পহিলা জানুৱাৰীৰ দিনাই আনয়ন দি হেবিট এনজিঅ’ৰ ব্যতিক্ৰমী প্ৰদক্ষেপ। টেঙাখাতৰ সৰস্বতী দেৱী বাগ্ৰদিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত নৱ প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত অধিক আকৰ্ষিত কৰিবলৈ ছাত্ৰ-ছাত্ৰীৰ মাজত গ্ৰন্থ প্ৰদান কৰে। ১৭০ জনতকৈও অধিক ছাত্ৰ ছাত্ৰীক গ্ৰন্থ উপহাৰ দিয়া হয়।

উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি অসমীয়া ভাষা আৰু অনুবাদ সাহিত্যৰ ওপৰত বক্তৃতা প্ৰদান কৰে বিদ্যালয়খনৰ ভূমি দাতা বিশিষ্ট অনুবাদ সাহিত্যিক দেৱী প্ৰসাদ বাগ্ৰদিয়াই।এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাহিত্যিক গুণেশ্বৰ সোনোৱাল , প্ৰাক্তন প্ৰধান শিক্ষক যতিন্দ্ৰ নাথ সোনোৱাল , বিদ্যালয়ৰ খনৰ প্ৰধান শিক্ষয়িত্ৰী অঞ্জলি চমুৱাৰ লগতে স্থানীয় সংবাদ কৰ্মী আৰু শিক্ষক শিক্ষয়িত্ৰী সকল।

Related Articles