Breaking

অসমৰ অপেছাদাৰী শিল্পীৰ অন্য এক সাফল্য

0 2,029

বাংগালোৰৰ আই এফ এইচ ৰাষ্ট্ৰীয় চুটি ছবি প্ৰতিযোগিতালৈ “অনীহা”ৰ ৯ টা শিতানত মনোনয়ন লাভ । অসমৰ অপেছাদাৰী শিল্পীৰ অন্য এক সাফল্যদক্ষিণ যোৰহাট, ০১ অক্টোবৰ : বাংগালোৰত আয়োজিত ইণ্ডিয়ান ফিল্ম হাউছ ৰাষ্ট্ৰীয় চুটি ছবি প্ৰতিযোগিতাত যোৰহাটৰ এন জে প্ৰডাকচনৰ নয়ন জ্যোতি শৰ্মাৰ প্ৰযোজনাত নিৰ্মিত চুটি ছবি “অনীহা”ই মুঠ ২৩টা শিতানৰ ভিতৰত নটা শিতানত মনোনয়ন লাভ কৰিছে। শিতান সমূহ হৈছে শ্ৰেষ্ঠ সমাজ সজাগতা ছবি, শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ চিত্ৰগ্ৰহণ, শ্ৰেষ্ঠ সম্পাদনা, শ্ৰেষ্ঠ আই এফ এইচ ছবি (সামাজিক শাখা), শ্ৰেষ্ঠ কাহিনী, শ্ৰেষ্ঠ সহ: মহিলা চৰিত্ৰ, শ্ৰেষ্ঠ চিনেমা। প্ৰযোজক নয়ন জ্যোতি শৰ্মাই জনোৱা মতে অহা ৬,৭ আৰু ৮ নৱেম্বৰত বাংগালোৰত অনুষ্ঠিত হ’ব লগীয়া মহোৎসৱৰ ৭ নৱেম্বৰত চৌদিয়াহ মেম’ৰিয়েল হলত  ৰেড কাৰ্পেটৰ মূল এৱাৰ্ড অনুষ্ঠান অনুষ্ঠিত হ’ব। অংশগ্ৰহণৰ বাবে প্ৰযোজকে ইতিমধ্যে বিশেষ  নিমন্ত্ৰণ লাভ কৰিছে আৰু ৰাওনাৰ প্ৰস্তুতি চলাইছে।। মুঠ ২৩খন ৰাজ্যৰ ১০টা ভাষাৰ ১০০০ খন চুটি ছবিৰ পৰা শ্ৰেষ্ঠ ২৫০ খন ছবি বিচাৰকসকলে নিৰ্বাচিত কৰিছে।  “অনীহা”ই ইতিমধ্যে কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সন্মান বুটলিবলৈ সক্ষম হৈছে। পৰিবেশ দিৱসত মুক্তি পোৱা ছবিখনৰ কাহিনী আৰু পৰিচালনা যোৰহাট স্পীঙ ডেল হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ পূৰৱ শৰ্মা আৰু সংস্কৃতি অনুৰাগী মৃগাংক মাইনা। চিনেমেটোগ্ৰাফাৰ আৰু ড্ৰণ পৰিচালনা পূৰৱৰ আৰু সম্পাদনা মৃগাংকৰ। সংগীত মুম্বাইৰ সপোন শইকীয়াৰ। সহযোগী পায়েল শৰ্মা। নামত থাকি কামত বাগৰ মৰা বৰ্তমানৰ এক মানসিকতা আৰু পৰিৱেশ সজাগতাৰ বাস্তৱ কাহিনীৰ আধাৰত নিৰ্মিত চুটি ছবিখনৰ অভিনয়ত আছে মানবেন্দ্ৰ শৰ্মা, চন্দন ঠাকুৰ, বিনোদ গগৈ, পাৰ্থ প্ৰতীম শৰ্মা আৰু আশাতৰা শৰ্মা। উল্লেখ্য যে, অভিনয়ত জড়িত শিল্পীসকল যোৰহাটৰ অপেছাদাৰী নাট্যগোষ্ঠী সূৰুয ড্ৰামা প্ৰডাকচন ৱৰ্কচৰ সদস্য। অন্যহাতে সকলো কলা-কুশলীয়েই এই দিশত নৱাগত। এনে সুপ্ত প্ৰতিভা বিকশিতই ছবি জগতলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।

Leave A Reply

Your email address will not be published.