জিম্বাবলৈ যাবলৈ ওলোৱা আনগৰাকী অসমৰ সন্তান শুভদীপ ঘোষ

ইতিহাস ৰচনা কৰি ৰিয়ান পৰাগে ভাৰতীয় ক্রিকেট দলত স্থান লাভ কৰাৰ পিছতে অসমৰ প্রাক্তন ৰঞ্জী ক্রিকেটাৰ শুভদীপ ঘোষেও আনিছে অসমলৈ সু-খবৰ । উল্লেখ্য যে টীম ইণ্ডিয়াৰ জিম্বাব’ৱে ভ্রমণৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটোত ৰিয়ান পৰাগে স্থান লাভ কৰাৰ লগতে শুভদীপ ঘোষক দলটোৰ ফিল্ডিং প্রশিক্ষক হিচাপে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে
নিযুক্তি দিছে । ইপিনে শুভমন গিল নেতৃত্বাধীন ভাৰতীয় দলটোৱে ৬ জুলাইৰ পৰা টীম ইণ্ডিয়াৰ জিম্বাব’ৱে ভ্রমণত ৫খন টি-২০ মেচত ভাগ ল’ব । ক্ৰীকেট অনুৰাগীসকলে ভাৰতীয় দলটোৰ ফিল্ডিং প্রশিক্ষক হিচাপেশুভদীপ ঘোষক নিযুক্তি প্রদান কৰাৰ পিছত আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছে ।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০১৪ চনত প্রথমবাৰৰ বাবে ভাৰতীয় ‘এ’ দলটোৰ ফিল্ডিং প্রশিক্ষক হিচাপে শুভদীপ ঘোষে নিযুক্তি লাভ কৰিছিল । তদুপৰি অসমৰ আৰু ৰে’লৱেৰ হৈ ১৭খন প্রথম শ্রেণীৰ মেচ আৰু ১৭খন লিষ্ট ‘এ’ৰ মেচত প্রতিনিধিত্ব কৰা শুভদীপ ঘোষে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা আইপিএলতো ফিল্ডিং প্রশিক্ষকৰ দায়িত্ব পালন কৰিছিল ৷ ২০২০ চনত অষ্ট্রেলিয়াত উপৰি ২০২১ চনত নিউজিলেণ্ড আৰু ২০২২ চনত দক্ষিণ আফ্রিকাত অনুষ্ঠিত মহিলা টি–২০ বিশ্বকাপতো ভাৰতীয় মহিলা দলটোৰ ফিল্ডিং প্রশিক্ষকৰ দায়িত্বত আছিল শুভদীপ ঘোষ ।

Related Articles