Breaking

ৰঙিয়াত ৰেল বিভাগৰ অসম বিৰোধী চৰিত্ৰ ফাদিল : বহিঃৰাজ্যৰ পৰা আহি যোগদান কৰিলে অৰ্ধশতাধিক প্ৰাৰ্থীয়ে

0 1,852

শুকুৰবাৰে ৰঙিয়া মাণ্ডলিক ৰেল প্ৰৱন্ধকৰ কাৰ্যালয়ত যোগদান কৰিবলৈ আহি উপস্থিত হয় বহিঃৰাজ্যৰ পৰা অহা ৫১ জনকৈ প্ৰাৰ্থী । যি সময়ত কৰʼণাৰ সংহাৰে সমগ্ৰ দেশত বিভিষিকাৰ সৃষ্টি কৰিছে, ঠিক তেনেসময়তে এই কাল কৰʼণাৰ পূৰ্ণসুযোগ গ্ৰহণ কৰি গোপনে ৰঙিয়াত ৰেল বিভাগত যোগদান কৰিবলৈ উপস্থিত হয় প্ৰায় ৫১ জনকৈ বহিঃৰাজ্যৰ যুৱক। জানিবপৰা মতে শুকুৰবাৰে ৰাতিপুৱাৰ পৰাই ৰঙিয়াস্থিত মাণ্ডলিক ৰেল প্ৰৱন্ধকৰ কাৰ্যালয়ত উক্ত যুৱক কেইজনে ৰৈ থকা প্ৰত্যক্ষ কৰে স্থানীয় ব্যক্তিসকলে । ইয়াৰ পিছতেই ৰঙিয়া আঞ্চলিক ছাত্ৰসন্থাৰ বিষয়ববীয়াসকলে উক্ত খবৰ লাভ কৰি ৰঙিয়াস্থিত ৰেলৱে মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ত উপস্থিত হয় আৰুতীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।কোনোপধ্যেই এই নিযুক্তি মানিলোৱা নহয় বুলি হুংকাৰ প্ৰদান কৰে। তাৎপৰ্যপূৰ্ণভাৱে ৰেল বিভাগত প্ৰায়েই অসম বিৰোধী মানসিকতাৰে একাংশ বহিঃৰাজ্যৰ পৰা আহি অসম ৰেল বিভাগত কৰ্মৰত উচ্চপদস্ত বিষয়াৰ  হস্তক্ষেপত এইদৰে গোপনে নিযুক্তি প্ৰক্ৰিয়া চলি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ছাত্ৰসন্থাৰ বিষয়ববীয়াসকলে। এই ঘটনা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া যুৱক-যুৱতী সকলৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক বুলিও বিবেচীত হৈছে ।

Leave A Reply