Breaking

কামৰূপ মহানগৰ জিলাত ডায়েৰিয়া প্ৰতিৰোধ কাৰ্যসূচীৰ শুভাৰম্ভ…

0 31

সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ মহানগৰ জিলাতো আজিৰ পৰা আৰম্ভ হৈছে ’ডায়েৰিয়া প্ৰতিৰোধ কাৰ্যসূচী’৷ সম্পূৰ্ণ দুমাহ জোৰাকৈ চলিবলগীয়া এই কাৰ্যসূচী মহানগৰৰ খানাপাৰা ৰাজ্যিক আয়ুষ্মাণ আৰোগ্য মন্দিৰত শুভাৰম্ভ কৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ডাঃ এম এছ লক্ষ্মী প্ৰিয়াই।

বানপানীৰ বাবে জিলাখনৰ বহুতো অঞ্চলত সৃষ্টি হ’ব পৰা ডায়েৰিয়া ৰোধ কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে।

কোনো শিশুয়েই যাতে ডায়েৰিয়াত মৃত্যুবৰণ কৰিবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অভিভাৱক সকলক সজাগ কৰাৰ লগতে জিলাখনৰ অংগনৱাড়ী কেন্দ্ৰ আৰু বিদ্যালয়সমূহত ছাত্র-ছাত্রীসকলৰ মাজত শৌচাগাৰৰ ব্যৱহাৰ, পৰিষ্কাৰকৈ হাত ধোৱা অভ্যাস আৰু বিশুদ্ধ খোৱাপানী সেৱনৰ গুৰূত্ব সম্পৰ্কেও এই কাৰ্যসূচীৰ অধীনত সজাগতা সৃষ্টি কৰা হ’ব৷

আজিৰ পৰা আৰম্ভ হোৱা ডায়েৰিয়া প্ৰতিৰোধ কাৰ্যসূচীত জিলাখনৰ ০-৫ বছৰ বয়সৰ সকলো শিশুকে সাঙুৰি লোৱা হ’ব আৰু শিশুসকলৰ মাজত অ আৰ এছ আৰু জিংক টেবলেট বিতৰণ কৰা হ’ব। জিলাখনৰ আশাকৰ্মী সকলে ঘৰে ঘৰে গৈ সজাগতা সৃষ্টি কৰাৰ লগতে অ আৰ এছ আৰু জিংক টেবলেট বিতৰণ কৰিব।

আজিৰ শুভাৰম্ভণি অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া (সংক্ৰমিত ৰোগ), ডাঃ অপূৰ্ব কৃষ্ণ শৰ্মা, খানাপাৰা ৰাজ্যিক আয়ুষ্মাণ আৰোগ্য মন্দিৰৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাঃ মুকুতা মেধিকে ধৰি চিকিৎসালয়খনৰ বিষয়া কৰ্মচাৰী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক তথা জিলা তথা ভিত্তিক বিষয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.