Breaking

পেঙেৰীত মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত মাদ্ৰক দ্ৰব্য বিৰোধী সজাগতা সভা…

0 15

পেঙেৰীৰ আৰক্ষী থানাৰ অন্তৰ্গত টেকেৰীত আজি সদৌ মৰাণ ছাত্ৰ সন্থা মাৰ্ঘেৰিটা-পেঙেৰী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু টেকেৰী গাঁৱৰ সমূহ যুৱক সংঘ তথা টেকেৰী গাঁওবাসীৰ সহযোগত মাদ্ৰক দ্ৰব্য বিৰোধী সজাগতা সভা এখন অনুষ্ঠিত কৰা হয়। মাৰ্ঘেৰিটা-পেঙেৰী আঞ্চলিক সমিতিৰ সভাপতি পৰাগ মৰাণে সভাপতিত্ব কৰা সজাগতা সভাখনৰ আঁতধৰে সাধাৰণ সম্পাদক নৱদ্বীপ বড়াই।

উক্ত সজাগতা সভাত উপস্থিত থাকি অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসে মাদ্ৰক দ্ৰব্য বিৰুদ্ধে গাওঁবাসীক একত্ৰিত ভাবে যুঁজ দিবলৈ আহ্বান জনায়। তেওঁ ঘৰখনৰ পৰাই মাদ্ৰক দ্ৰব্য বিৰুদ্ধে যুঁজ দিব লাগিব বুলি কয়। সভাত সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি কেশৱ দহোতীয়াই মাদ্ৰক দ্ৰব্য বিৰুদ্ধে সদৌ মৰাণ ছাত্ৰ সন্থাই নিজাকৈ কঠোৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে। উক্ত সজাগতা সভাত উপস্থিত থাকে অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাস, পেঙেৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিগন্ত কুমাৰ নাথ, মাৰ্ঘেৰিটা-পেঙেৰী আঞ্চলিক সমিতিৰ উপদেষ্টা লাটেশ্বৰ চেতিয়া ওপৰিও সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বহু কেইগৰাকী বিষয় ববীয়া লগতে আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু কৰ্মকতা তথা অঞ্চলটো প্ৰায় ২ শতাধিক স্থানীয় ৰাইজ।

ড্ৰাগছকে ধৰি সকলো ধৰণৰ মাদ্ৰক দ্ৰব্য বিৰুদ্ধে মৰাণ ছাত্ৰ সন্থাই আগন্তুক দিনতো কঠোৰতকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি সংবাদমাধ্যমৰ আগত সংগঠনটো নেতৃত্বই জানিবলৈ দিছে।

Leave A Reply