“Anti Romeo Squad”: শাৰদীয় দুৰ্গোৎসৱক সফল কৰাৰ বাবে জিলাখনত “এণ্টি ৰোমিঅ’ স্কোয়াড” মোতায়েন

দৈনন্দিন বাৰ্তাৰ সেৱা,শিলচৰ,৭ অক্টোবৰ:(Durga Puja) শাৰদীয় দুৰ্গা পূজাৰ আনন্দত যাতে কোনো ধৰণৰ অশান্তি নহয় তাৰ বাবে সাজু কাছাৰ জিলা আৰক্ষী। দুৰ্গোৎসৱক সুচাৰুৰূপে সফল কৰাৰ স্বাৰ্থত জিলাখনত আৰক্ষী অধীক্ষক নোমল মাহাত্তাৰ নেতৃত্বত গঠন কৰা হৈছে “এণ্টি ৰোমিঅ’ স্কোয়াড” নামৰ এটা বিশেষ বাহিনী।বাহিৰৰ পৰা বিশেষজ্ঞ আনি ১৫ দিনৰ প্ৰশিক্ষণ দিয়াৰ পিছত সোমবাৰে কাছাৰত মোতায়েন কৰা হয় “এণ্টি ৰোমিঅ’ স্কোয়াড”। (“Anti Romeo Squad”)

ইয়াত আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ লোক আছে। প্ৰশিক্ষণৰ অন্তত শিলচৰত”এণ্টি ৰোমিঅ’ স্কোয়াড”এ মহৰা প্ৰদৰ্শন কৰে।এইদিনা সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কয় যে, কাছাৰ জিলা অসমৰ অন্যতম ঐতিহাসিক স্থান। ইয়াত ভক্তসকলে প্ৰতি বছৰে অতি উৎসাহেৰে শাৰদীয় দুৰ্গোৎসৱ পালন কৰে। দুৰ্গোৎসৱৰ সময়ছোৱাত সমগ্ৰ চহৰখন জনৰোণ্যলৈ পৰিণত হয়।

ফলত শিশু সহ মহিলাসকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। জনসমাগমৰ ভিৰত বিশেষকৈ চহৰৰ বিভিন্ন প্ৰান্তত বাইকেৰে ঘূৰি ফুৰা একাংশ অশালীন যুৱকে মহিলা আৰু যুৱতীসকলৰ সৈতে অশ্লীল আচৰণত লিপ্ত হয়।এই বিষয়ে পৰ্যালোচনা কৰি শান্তি শৃংখলা বজাই ৰখাৰ বাবে এণ্টি-ৰোমিঅ’ স্কোয়াড নামৰ এটা বিশেষ বাহিনী গঠন কৰা হৈছে। ইয়াৰ মাজতে জিলাখনৰ আইন-শৃংখলা বজাই ৰখাৰ দায়িত্বও বি এছ এফৰ জোৱানসকলৰ কান্ধত দিয়া হৈছে।

বাহিৰৰ পৰা বিশেষজ্ঞক আনি মহিলা আৰক্ষীক প্ৰশিক্ষণ প্ৰদান কৰি এই বিশেষ বাহিনী গঠন কৰা হৈছে। পূজাৰ সময়ত জিলাখনৰ বিভিন্ন অঞ্চলত ২৪ ঘণ্টীয়া বাইক চলোৱাৰ জৰিয়তে “এণ্টি-ৰোমিঅ’ স্কোয়াড”ই বিশেষ সতৰ্কতা অৱলম্বন কৰিব। উল্লেখ্য ,কাছাৰ আৰক্ষীয়ে যোৱাবাৰেও এনে নিৰাপত্তা বাহিনী গঠন কৰা হৈছিল আৰু আৰক্ষীৰ এই “এণ্টি ৰোমিঅ’ স্কোয়াড”ক ৰাইজে আদৰণি জনাইছিল । আৰক্ষী অধীক্ষক নোমল মাহাত্তাই এইবাৰো ৰাইজে আৰক্ষীক সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।

Related Articles